/asomiyapratidin/media/media_files/2025/03/19/M4RB3RQ2aXKLyiXuwc4q.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : নদুৱাৰ সমষ্টিৰ অন্তৰ্গত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ হিতাধীকাৰীসকলক অনুমোদন পত্ৰ প্ৰদান কৰা হয়। সমষ্টিটোৰ টুপীয়া সামূহিক ভৱনত আয়োজন কৰা এই অনুমোদন পত্ৰ প্ৰদান অনুষ্ঠানত প্ৰায় ৩হাজাৰ হিতাধিকাৰীৰ মাজত অনুমোদন পত্ৰ বিতৰণ কৰা হয় ৷
ইয়াৰ মাজৰে ৫গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে অনুমোদন পত্ৰ প্ৰদান কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ বিধায়কগৰাকীক সহযোগিতা আগবঢ়াই শোণিতপুৰ জিলা পৰিষদৰ মূখ্য কাৰ্য্যবাহী বিষয়া কৰবী কৰণ শইকীয়া, নদুৱাৰ সমজিলাৰ আয়ুক্ত ৰাজ বৰুৱা আৰু নদুৱাৰ ৰাজহচক্ৰ বিষয়া আকাশদ্বীপ কাকতিকে ধৰি জিলা প্ৰশাসনৰ বিষয়াসকলে ৷
অনুষ্ঠানত নদুৱাৰ সমষ্টিৰ পাঁচমাইল, চাৰিদুৱাৰ, মধ্য চিলাবন্ধা, উত্তৰ চিলাবন্ধা আৰু নাগশংকৰ আদি গাঁও পঞ্চায়তসমূহৰ একোগৰাকীকৈ মহিলা হিতাধিকাৰীক অনুমোদন পত্ৰ প্ৰদান কৰি বিধায়ক হাজৰিকাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত ৰাজ্যখনে কিদৰে দ্ৰুত উন্নয়নৰ দিশত আগবাঢ়িবলৈ সক্ষম হৈছে সেই সন্দৰ্ভত উপস্থিত লোকসকলৰ সন্মুখত নাতিদীৰ্ঘ ভাষণ আগবঢ়ায় ৷
ইফালে অনুমোদন পত্ৰ প্ৰদান অনুষ্ঠানৰ পূৰ্বে কেইবাসহস্ৰাধিক লোকে মুখ্যমন্ত্ৰীৰ ভাৰ্চুৱেল ভাষণ শুনি আপ্লুত হৈ পৰে ৷