/asomiyapratidin/media/media_files/2025/06/02/3WrUPHr9ViFfwHo4l5Dl.jpg)
ভাৰতীয় এথলেটিকছ দলৰ মেনেজাৰৰ দায়িত্বত গীতাৰ্থ গোস্বামী
ডিজিটেল সংবাদ, চিলাপথাৰঃ ৫-৯ জুনলৈ টাইৱানৰ ছিৰাজ চহৰত চাইনিজ টাইপে এথলেটিকছ এছ'চিয়েচনৰ উদ্যোগত অনুষ্ঠিত হ'ব ইন্টাৰনেছনেল অপেন এথলেটিকছ চেম্পিয়নশ্বিপ। প্ৰতিযোগিতা খনত অংশ লবলগীয়া ভাৰতীয় দলৰ মেনেজাৰৰ দায়িত্ব লাভ কৰিছে অসম এথলেটিকছ সন্থাৰ সাধাৰণ সম্পাদক তথা অসম চৰকাৰ ক্ৰীড়া আৰু যুৱ কল্যান ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতিৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে।
গীতাৰ্থ গোস্বামী মেনেজাৰ হিচাপে থকা ভাৰতীয় দলটোত আছে অসমৰ অম্লান বৰগোহাঁই। ভাৰতীয় দলটোত সাত গৰাকী আগশাৰীৰ প্ৰশিক্ষক ক্ৰমে পি আৰ ৰাধাকৃষ্ণণ নায়াৰ, প্ৰাক্তন অলিম্পিয়ান অঞ্জু ববি জৰ্জ, কল্যাণ চৌধুৰী, ভাৰতত প্ৰশিক্ষন দি থকা জামাইকান জনছন আলেকজেণ্ডাৰ দাওছন, ৰাছিয়ান প্ৰশিক্ষক চাৰ্জি মাকাৰোভ, বৃটিছ প্ৰশিক্ষক খ্ৰীষ্টোফাৰ জেমছ হিলাৰ, শ্ৰীনিবাসন ৰামায়া আৰু মঞ্জুগোৱাৰা নাগাৰাজুৰ লগতে দুজন ফিজিঅ আৰু ৩৩ গৰাকী খেলুৱৈ অন্তৰ্ভুক্ত হৈছে।
ইফালে, ভাৰতীয় এথলেটিকছ দলৰ মেনেজাৰৰ দায়িত্ব লাভ কৰি আনন্দিত হৈ পৰিছে অসম এথলেটিকছ সন্থাৰ সাধাৰণ সম্পাদক গীতাৰ্থ গোস্বামী। গীতাৰ্থ গোস্বামীক এনে সুযোগ দিয়াৰ বাবে তেওঁ এছিয়ান এথলেটিকছ ফেডাৰেচনৰ সভাপতি ড: ললিত ভানোট, ভাৰতীয় এথলেটিকছৰ মুৰব্বী প্ৰাক্তন অলিম্পিয়ান বাহাদুৰ সিং চান্ডেৰ লগতে ফেডাৰেচন আৰু অসম এথলেটিকছৰ সকলো বিষয়ববীয়াক ধন্যবাদ জনাইছে। উল্লেখ্য যে,অসম চৰকাৰৰ ৰাজ্যিক ছাত্ৰ আৰু যুৱ কল্যান পৰামৰ্শদাতা সমিতিৰ সদস্য সাচিব গীতাৰ্থ গোস্বামী হ'ল ছাই'ত প্ৰশিক্ষিত প্ৰাক্তন ৰাষ্ট্ৰীয় এথলীট। গোস্বামীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গ্ৰামাঞ্চলৰ সুপ্ত ক্ৰীড়া প্ৰতিভাধৰ যুৱ চামক উলিয়াই আনাত আত্মনিয়োগ কৰি আহিছে। উন্নত প্ৰশিক্ষণৰ লগতে পৰ্যাপ্ত খেলাৰ সামগ্ৰী যোগান ধৰি উৎসাহিত কৰি আহিছে।
চিলাপথাৰ ঘাৰমৰা আদৰ্শ সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ প্ৰেম কৃষ্ণ দেৱ গোস্বামীৰ কণিষ্ঠ পুত্ৰ গীতাৰ্থই চিলাপথাৰৰ দৰে পিছপৰা অঞ্চলৰ পৰা গৈ ৰাষ্ট্ৰীয় দলৰ মেনেজাৰৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰা বিষয়টোক লৈ ৰাইজৰ উৎফুল্লিত হৈ পৰিছে। তেওঁৰ নেতৃত্বত দলটোৱে উন্নত প্ৰদৰ্শন কৰি দেশৰ মান ৰাখিব বুলি আশা ৰাখিছে ৰাইজে।