শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতাল চৌহদত এটি কন্যা শিশু উদ্ধাৰ...

মেডিকেল কলেজ চৌহদত ঘূৰি ফুৰা থকা অৱস্থাত স্থানীয় লোকে উদ্ধাৰ কৰি শিশুটিক ঘুংগুৰ আৰক্ষী চকীত চমজাই দিছে। বৰ্তমান থানাতে আছে ৫-৬ বছৰীয়া শিশুটি। 

author-image
Asomiya Pratidin
New Update
1 silchar 1

ডিজিটেল সংবাদ,শিলচৰ: শিলচৰ চিকিৎসা মহাবিদ্যালয় চৌহদত এগৰাকী কন্যা শিশু উদ্ধাৰ হৈছে। স্থানীয় লোকে শিশুটিক উদ্ধাৰ কৰি ঘুংগুৰ আৰক্ষী চকীত চমজাই দিছে। প্ৰায় ৫-৬ বছৰীয়া শিশুটিৰ ঘৰ শিলচৰৰ ৰাংগিৰখাৰিত বুলি সদৰী কৰিছে শিশুটিয়ে।

Advertisment

আজি পুৱা ঘৰৰ পৰা ওলাই এখন অটোৰে শিলচৰ মেডিকেল কলেজ হাস্পাতালয়লৈ গৈছিল শিশুটি। কিয় মেডিকেললৈ গৈছিল শিশুটিয়ে একো ক'ব নোৱাৰে। কোনোবাই অপহৰণ কৰিছিল নে নিজে আহিছিল সেই বিষয়েও জনোৱা নাই শিশুটিয়ে।

মেডিকেল কলেজ চৌহদত ঘূৰি ফুৰা থকা অৱস্থাত স্থানীয় লোকে উদ্ধাৰ কৰি শিশুটিক ঘুংগুৰ আৰক্ষী চকীত চমজাই দিছে। বৰ্তমান থানাতে আছে শিশুটি। 

শিলচৰ মেডিকেল কলেজ হাস্পতাল