মঙলদৈৰ গিৰিন্দ্ৰ চহৰীয়াৰ বিয়োগত শোকৰ ছাঁ

ওদালগুৰি জিলাৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ পৰিদৰ্শক হিচাপে কৰ্তব্যৰত আছিল চহৰীয়া। মৃত্যুৰ সময়ত চহৰীয়াৰ বয়স আছিল প্ৰায় ৫০ বছৰ।

author-image
Asomiya Pratidin
New Update
606

ডিজিটেল সংবাদ, মঙলদৈ : বৃহস্পতিবাৰে পুৱতি নিশা মঙলদৈৰ ডাকচকীৰ সৰবৰাহী গিৰিন্দ্ৰ চহৰীয়াৰ আকস্মিক মৃত্যু হয়। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় লোকজনৰ।

ওদালগুৰি জিলাৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ পৰিদৰ্শক হিচাপে কৰ্তব্যৰত আছিল চহৰীয়া। মৃত্যুৰ সময়ত চহৰীয়াৰ বয়স আছিল প্ৰায় ৫০ বছৰ।

মৃত্যুৰ সময়ত চহৰীয়াই দুই কণমানি ল'ৰাৰ  লগতে শিশু কল্যাণ বিভাগত কৰ্মৰত পত্নীক এৰি থৈ যায়। গিৰিন্দ্ৰ চহৰীয়াৰ মৃত্যুত সমগ্ৰ পূৱ-মঙলদৈ অঞ্চলত শোকৰ ছাঁ পৰে।

মঙলদৈ