জ্যেষ্ঠ অধিবক্তা গিৰীন্দ্ৰ কুমাৰ বৰাৰ মৃত্যুত অসম সাহিত্য সভাৰ শোক প্ৰকাশ

অসম আন্দোলনৰ নেতা, তেজপুৰৰ জ্যেষ্ঠ অধিবক্তা তথা তেজপুৰ আদালত উকীল সন্থাৰ নৱ নিৰ্বাচিত সভাপতি গিৰীন্দ্ৰ কুমাৰ বৰাৰ মৃত্যুত শোক প্ৰকাশ কৰছে অসম সাহিত্য সভাই।

author-image
Asomiya Pratidin
New Update
জ্যেষ্ঠ অধিবক্তা গিৰীন্দ্ৰ কুমাৰ বৰাৰ মৃত্যুত অসম সাহিত্য সভাৰ শোক প্ৰকাশ

ডিজিটেল ডেস্কঃ তেজপুৰৰ জ্যেষ্ঠ অধিবক্তা তথা তেজপুৰ আদালত উকীল সন্থাৰ নৱ নিৰ্বাচিত সভাপতি গিৰীন্দ্ৰ কুমাৰ বৰাৰ মৃত্যুত শোক প্ৰকাশ কৰছে অসম সাহিত্য সভাই। আজি অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক দুলাল নাথৰ স্বাক্ষৰিত এক বিবৃতিৰ জৰিয়তে গিৰীন্দ্ৰ কুমাৰ বৰাৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছে।

উল্লেখ্য যে, ২০১৫-১৬ বৰ্ষৰ অসম সাহিত্য সভাৰ মুখ্য নিৰ্বাচনী বিষয়াৰ দায়িত্ব পালন কৰিছিল প্ৰয়াত গিৰীন্দ্ৰ কুমাৰ বৰাই। অসম আন্দোলনৰ সৈতেও জড়িত তথা জাতীয়তাবাদী নেতা হিচাপেও পৰিচিত বৰাই ২৬ জুনত গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল।

তাৰ পিছতেই আজি প্ৰেৰণ কৰা বিবৃতিত সভাই গিৰীন্দ্ৰ কুমাৰ বৰাৰ মৃত্যুত শোক প্ৰকাশ কৰি তেখেতৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

অসম সাহিত্য সভা