/asomiyapratidin/media/media_files/2025/07/26/agp-bjp-2025-07-26-17-59-34.jpg)
ডিজিটেল ডেস্ক : ২০২৬ৰ বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে শাসক- বিৰোধী উভয় দলতে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ তৎপৰতা বৃদ্ধি পাইছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত প্ৰথমবাৰৰ বাবে ২০২৬ত অসম বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।
শাসকীয় দলৰ ২২গৰাকী মন্ত্ৰী- বিধায়কে এইবাৰ টিকট নাপাব বুলিও ৰাজ্যৰ ৰাজনীতিত সৰৱ চৰ্চা চলিছে। তাৰ মাজতে বিজেপিৰ সৈতে মিত্ৰতা থকা অসম গণ পৰিষদৰ একাংশ প্ৰাৰ্থিত্ব প্ৰত্যাশী নেতাই মিত্ৰতাৰ নামত ২০২৬ চনৰ নিৰ্বাচনত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ’লে নিজাকৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি দলটোৰ নেতৃত্বক হুংকাৰ প্ৰদান কৰিছে।
বঢ়মপুৰ সমষ্টিতো চলিছে নিৰ্বাচনীকেন্দ্ৰিক তৎপৰতা। নতুকৈ এই সমষ্টিটোত পূৰ্বৰ চামগুৰি সমষ্টিত থকা ৬টা পঞ্চায়ত অন্তৰ্ভূক্ত হোৱাৰ পাছত সমষ্টিটোত অগপ নেতা গিৰীণ বৰুৱাই এইবাৰ প্ৰাৰ্থিত্ব বিচৰাৰ সম্ভাৱনা আছে। কিয়নো হিন্দু ভোটাৰৰ প্ৰভাৱ থকা এই ৬টা পঞ্চায়তৰ ভোটাৰে এইবাৰ নিৰ্বাচনত বিশেষ প্ৰভাৱ পেলাব। সেয়েহে অগপই পূৰ্বতে তেওঁলোকৰ হাতত থকা উক্ত সমষ্টিটো বিচাৰিব।
আনহাতে বৰ্তমানৰ বিজেপি বিধায়ক জিতু গোস্বামীৰ কাম- কাজক লৈ মুঠেও সন্তুষ্ট নহয় সমষ্টিবাসী। দুবাৰকৈ বঢ়মপুৰ সমষ্টিক প্ৰতিনিধিত্ব কৰা জিতু গোস্বামীৰ ৰিপ’ৰ্ট কাৰ্ডক লৈও বিজেপিৰ নেতৃত্ব সন্তুষ্ট নহয়।
ইফালে বিজেপিৰ বিধায়কগৰাকীয়ে নিজৰ ৰাজনৈতিক স্থিতি সুৰক্ষিত কৰিবলৈ গিৰীণ বৰুৱাক বটদ্ৰৱা-নগাঁও সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিবলৈ মন্ত্ৰণা দিছে। ধনে-জনে সহায় কৰি বঢ়মপুৰত তৃতীয়বাৰৰ বাবে বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে গিৰীণ বৰুৱাক সন্মুখত ৰাখি জিতু গোস্বামীয়ে এই ৰাজনৈতিক জাল মেলা বুলি চৰ্চা চলিছে।
বিধায়ক হিচাপে সৰ্বোচ্চ উজাৰি সমষ্টিৰ উন্নয়ণৰ কামত মনোনিৱেশ কৰা ৰূপক শৰ্মাক ৰাজনৈতিক বলি দিবলৈ তৃণমূল পৰ্যায়ৰ কৰ্মীক একত্ৰিত কৰি সভা- সমিতিয়ো অনুষ্ঠিত কৰিছে গিৰীণ বৰুৱাই। আনহাতে উপ-নিৰ্বাচনত চামগুৰিৰ পৰা জয়ী হৈ অহা দিপ্লুৰঞ্জন শৰ্মাই ২০২৬ত উক্ত সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা নাই।
বঢ়মপুৰৰ ৰাইজে শৰ্মাক বঢ়মপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাতো বিচাৰিছে যদিও এতিয়ালৈকে দিপ্লুৰঞ্জন শৰ্মাই কোনো সিদ্ধান্ত লোৱা নাই।