বৰ্তমান সময়ত প্ৰত্যাহ্বান নেওচি জীৱনটো আগুৱাই নি আনন্দময় কৰি গঢ়ি তোলকঃ ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী...

বৃহত্তৰ চচল জেষ্ঠ নাগৰিক সন্মিলনৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

author-image
Asomiya Pratidin
New Update
বৰ্তমান সময়ত প্ৰত্যাহ্বান নেওচি জীৱনটো আগুৱাই নি আনন্দময় কৰি গঢ়ি তোলকঃ ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী...

chachal

ডিজিটেল সংবাদ, গুৱাহাটীঃ বৃহত্তৰ চচল জেষ্ঠ নাগৰিক সন্মিলনৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস গুৱাহাটীত অৱস্থিত চচল শতদল শাখা সাহিত্য সভাৰ শাখাৰ কাৰ্যালয়ত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। ৰাতিপুৱা ৯ -৩০ বজাত পতকা উত্তোলন কৰে সন্মিলনৰ সভাপতি বলেন দাসে ৷

ইয়াৰ পিছতে বৃহত্তৰ চচল অঞ্চলৰ প্ৰয়াত ব্যক্তি যথাক্ৰমে জীৱন চন্দ্ৰ শৰ্মা, ফণীধৰ দাস, শচীন্দ্ৰ দেৱ অধিকাৰী ,ড০ হেমচন্দ্ৰ শৰ্মা , সাৰংগপানি মহন্ত , যশোধৰ শৰ্মা , অপূৰ্ব বৰুৱা , হৰ্ষিত হাঞ্চে বৰা,কন্দৰ্প তালুকদাৰ, সুবোধ কুমাৰ শৰ্মাৰ স্মৃতিত স্মৃতি তৰ্পণ অনুষ্ঠান অনুষ্ঠিত হয় ৷

লগতে প্ৰয়াত ব্যক্তিসকলৰ জীৱনৰ বিভিন্ন দিশ সম্পৰ্কে উপস্থিত ৰাইজে স্মৃতিচাৰণ কৰে ৷ বিয়লি ৩ বজাত অনুষ্ঠিত মুকলি সভা সন্মিলন বলেন দাসৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাত বিশেষ ভাৱে চচল অঞ্চলৰ বয়োজেষ্ঠ্য নাগৰিক আদ্বেশ্বৰ মেধী ডাঙৰীয়াক ফুলাম গামোছা, শৰাই আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ৷

অসম জেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰধান সম্পাদক বানেশ্বৰ খাউণ্ড মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৷ জেষ্ঠ নাগৰিকৰ উন্নয়নৰ বাবে অসম চৰকাৰে লোৱা বিভিন্ন আঁচনি সম্পৰ্কে ব্যাখ্যা কৰাৰ লগতে সন্মিলনৰ বিভিন্ন দিশ বিষদ ভাৱে ব্যাখ্যা কৰে ।

বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি জেষ্ঠ্য নাগৰিকৰ বৰ্তমান সময়ত সমাজৰ বিভিন্ন দিশত প্ৰত্যাহ্বানৰ সন্মুখত নিজকে সমান্তৰাল ভাবে আগবঢ়ায় লৈ যোৱাৰ লগতে জেষ্ঠ নাগৰিকৰ জীৱন সকলো দিশৰ পৰাই আনন্দময় কৰি তোলাৰ বিভিন্ন পৰামৰ্শ আগবঢ়ায় ৷

ভাৰত ৰত্ন ভূপেন হাজৰিকাদেৱৰ একনিষ্ঠ সহযোগী কমল কটকীয়ে ভূপেন হাজৰিকাৰ জীৱনৰ কিছু উল্লেখনীয় ঘটনা আৰু শিল্পী গৰাকীৰ চিৰযুগমীয়া গীত পৰিবেশন কৰি উপস্থিত সকলোকে মোহিত কৰাৰ লগতে অনুষ্ঠানটো আকৰ্ষণীয় কৰি তোলে ।

সভাত নিৰ্দ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া অৱসৰ প্ৰাপ্ত আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰে জেষ্ঠ্য নাগৰিকৰ বাবে থাকিব লগা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত তথা চৰকাৰী কাৰ্যলয়ত জেষ্ঠ্য নাগৰিকে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় সেই বিষয়ত অসম জেষ্ঠ্য নাগৰিক সন্মিলনক চৰকাৰৰ সৈতে আলোচনা কৰি সমাধানৰ পথ নিৰূপণ কৰিবলৈ আহ্বান জনাই ৷

সভাত প্ৰণতি বৰুৱা আৰু সদানন্দ বৰ্মনে পৰিবেশন কৰা ভূপেন্দ্ৰ সংগীতে সকলোকে আপ্লুত কৰে ৷ শতাধিক জেষ্ঠ্য নাগৰিকে অংশগ্ৰহণ কৰা সভাখন সভাপতিৰ ভাষণেৰে সামৰণি পৰে ৷

guwahati