/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/d4589b58-7858-475d-8941-5c12068d8f08/rabha_hasong.jpg)
artist gild award
ডিজিটেল সংবাদ, বকোঃ গুৱাহাটীৰ 'আৰোহণ আৰ্টিছ গীল্ড' - নামৰ সংস্থাটোৱে আগবঢ়াইছে এই বৰ্ষৰ সামাজিক সমন্বয় বঁটা -২০২২ । এই বঁটা বৃহস্পতিবাৰে প্ৰদান কৰে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভাক। গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কাৰ্যবাহী সদস্যগৰাকীক বিশিষ্ট সাহিত্যিক ডা৹ অঞ্জনজ্যোতি চৌধুৰীয়ে বঁটা প্ৰদান কৰে ।
উল্লেখযোগ্য যে, ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভা ২৭ নং বকো পৰিষদৰ সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে জয়লাভ কৰা জনপ্ৰতিনিধি । নিখিল ৰাভা ছাত্ৰ সন্থাৰ বকো আঞ্চলিকৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰি কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক হিচাপে সুমিত ৰাভাই আসন অলংকৃত কৰিছিল। পৰৱৰ্তী পৰ্যায়ত ৰাভা ছাত্ৰ নেতাগৰাকীয়ে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদীয় সমষ্টিৰ পৰা ২০১৩ ইং বৰ্ষত নিৰ্বাচন খেলি বিপুল ভোটত জয়লাভ কৰিছিল।
একেদৰে ২০১৯ ইং বৰ্ষতো সুমিত ৰাভাই ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত জয়লাভ কৰিছিল। তেখেতক আৰ্টছ গীল্ডে সামাজিক সমন্বয় বঁটা আগবঢ়োৱাত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদীয় এলেকাৰ বিভিন্ন সমাজ-সংগঠনে অভিনন্দন জনাইছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us