দুৰ্নীতিৰ ভূস্বৰ্গত পৰিণত ঘিলামৰা উন্নয়ন খণ্ড...

চূড়ান্ত অনিয়ম আৰু দুৰ্নীতিৰ ভূস্বৰ্গলৈ পতিত হৈছে ঢকুৱাখনা সমজিলাৰ ঘিলামৰা উন্নয়ন খণ্ড। চৰকাৰী পুঁজি অপচয়ৰ যেন চলিছে অঘোষিত প্ৰতিযোগিতা !

author-image
Asomiya Pratidin
New Update
367

ডিজিটেল সংবাদ, ঢকুৱাখনা : চূড়ান্ত অনিয়ম আৰু দুৰ্নীতিৰ ভূস্বৰ্গলৈ পতিত হৈছে ঢকুৱাখনা সমজিলাৰ ঘিলামৰা উন্নয়ন খণ্ড। চৰকাৰী পুঁজি অপচয়ৰ যেন চলিছে অঘোষিত প্ৰতিযোগিতা !

Advertisment

এইবাৰ এগৰাকী দৰিদ্ৰ হিতাধিকাৰীৰ নামত আবণ্টিত পুঁজি উলিয়াই দিয়া হ'ল সুকীয়া ব্যক্তিলৈ । ঘিলামৰাৰ বিলমুখ গাঁও পঞ্চায়তৰ চামপৰা পমুৱা এন চি গাঁৱত সংঘটিত হৈছে এই অনিয়ম ।

গাঁওখনৰ দৰিদ্ৰ হিতাধিকাৰী বজয়ন্তী মিলিৰ আই ডি নম্বৰ-  AS150827285 বিপৰীতে আবন্টন হৈছিল প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত এটা গৃহ । ২০২১-২০২২বিত্তীয় বর্ষৰ অন্তৰ্গত এই আবণ্টিত পুঁজিৰে গৃহ নিৰ্মাণৰ বাবে দুটা কৃস্তিৰ ধন মোকোলাই দিয়া হ'ল বিধিগতভাৱে ।

কিন্তু লক্ষণীয়ভাৱে এই আঁচনিৰ পুঁজিৰ জবকাৰ্ডৰ ধন তিনিগৰাকী গাঁওৰ বাহিৰৰ অচিনাক্ত ব্যক্তিৰ নামত আদায় দিয়া হল নীতি বৰ্হিভূতভাৱে । সংগৃহীত তথ্য মতে পঞ্চায়তখনৰ কোঁৱৰবাৰী গাঁওৰ মেমদ টাইডৰ জবকাৰ্ড নম্বৰ ০০৪/১১৮ৰ বিপৰীতে ২ বাৰ ,সৱন্তী টাইডৰ জবকাৰ্ড নম্বৰ ০০৪/১১৮ৰ বিপৰীতে ১ বাৰ মুঠ তিনিবাৰত সৰ্বমুঠ ৬হাজাৰ ৯৭২ টকা  আৰু চন্দ্ৰপুৰ গাঁওৰ লিখন পাতিৰৰ জবকাৰ্ড নম্বৰ ০০৪/৬৮-চিৰ বিপৰীতে তিনিবাৰ আৰু মণিকা দলে পাতিৰৰ নামত ৩ বাৰসহ মুঠ ৬ বাৰত ১৪হাজাৰ ৭২০ টকা নীতি বৰ্হিভূত প্ৰক্ৰিয়াৰে উলিয়াই নিলে ।

আঁচনিখনৰ জবকাৰ্ডৰ বিপৰীতে আবন্তিত সমস্ত পুঁজিৰ সৰ্বমুঠ ২১ হাজাৰ ৬৯২ টকা সৰকাই নিয়া হল । পৰিণতিত দৰিদ্ৰ সীমা ৰেখাৰ তলৰ নিঃস্ব মহিলা গৰাকীৰ চৰকাৰী ঘৰটোৱে অদ্যপি  সম্পূৰ্ণতাৰ মুখ দেখা নাই ।

প্ৰাপ্ত তথ্য মতে দৰিদ্ৰ মহিলাগৰাকীৰ গৃহ নিৰ্মাণৰ বাবে আবন্তিত মূল পুঁজিৰ বহু পূৰ্বে জবকাৰ্ডৰ শিতানৰ পুঁজি উদৰস্থ কৰা হৈছিল । উথাপিত অভিযোগ মতে এই সমগ্ৰ চৰকাৰী পুঁজি উদৰস্থকৰণত প্ৰত্যক্ষভাৱে জড়িত হৈছে খণ্ড উন্নয়ন বিষয়া জিম্পি শইকীয়া আৰু সচিব ধৰ্মেন্দ পেগু ।

এই দুই দুৰ্নীতিগ্ৰস্তৰ জ্ঞাতহাৰেই এই ভয়ানক বিত্তীয় কেলেংকাৰী সংঘটিত হোৱাৰ আশংকা কৰা হৈছে । নিজকে বিধায়ক নৱ দলেৰ ঘনিষ্ঠ বুলি আত্মজাহিৰ কৰি অহা সচিব গৰাকীৰ পৃষ্ঠপোষকতাত এনেদৰে চৰকাৰী পুঁজিৰ হৰলুকী হোৱাৰ তথ্য ফাদিল হোৱাত লখিমপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া,  লখিমপুৰ জিলা আয়ুক্তই কি অনুশাসনমূলক স্থিতি লয় তাৰ ওপৰতে নিৰ্ভৰ কৰিব চৰকাৰী পুঁজিৰ অপচয় ৰোধৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ । 

ঢকুৱাখনা