চূড়ান্ত অৱহেলাৰ ফলত ভূত বাংলাত পৰিণত ঘিলামৰা উন্নয়ন খণ্ডৰ আৱাসগৃহ

চূড়ান্ত অৱহেলাৰ ফলত ভূত বাংলাত পৰিণত ঘিলামৰা উন্নয়ন খণ্ডৰ আৱাসগৃহ

author-image
Asomiya Pratidin
New Update
চূড়ান্ত অৱহেলাৰ ফলত ভূত বাংলাত পৰিণত ঘিলামৰা উন্নয়ন খণ্ডৰ আৱাসগৃহ

ডিজিটেল সংবাদ,ঘিলামৰাঃ ঘিলামৰা উন্নয়ন খণ্ডত নিৰ্মাণ কৰা গৃহ সমূহ ক্ৰমাৎ ভূত বাংলাত পৰিণত হৈছে। সঠিকভাৱে ব্যৱহাৰ নকৰাৰ ফলত জৰাজীৰ্ণ হৈ পৰিছে গৃহ সমূহ। ঘিলামৰা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত কৰ্মৰত দূৰ-দূৰণিৰ বিষয়া-কৰ্মচাৰী সকলে কাৰ্যালয় চৌহদত থাকি সহজভাৱে কাম-কাজ কৰাৰ সুবিধা হোৱাকৈ নিৰ্মাণ কৰিছিল ১৬ টা আৱাস গৃহ। ইয়াৰ ভিতৰত বৰ্তমান ৩টা ঘৰ ব্যৱহাৰৰ উপযোগী হৈ আছিল যদিও ব্যৱহাৰ নকৰাৰ ফলত সেইকেইটাও অস্তিত্বহীন হোৱাৰ পথত।

Advertisment

উন্নয়ন খণ্ডটোৰ তদানীন্তন বিষয়া-কৰ্মচাৰীৰ চূড়ান্ত অৱহেলাৰ বাবে অস্তিত্বহীন হৈ পৰিছে ৩ টা আৱাসগৃহ। বিত্তীয় বৰ্ষসমূহত চৰকাৰী আঁচনি ৰূপায়ণৰ বাবে লাখ লাখ টকা আৱন্টন হৈ অহা ঘিলামৰা উন্নয়ন খণ্ডৰ পঁয়ালগা স্বৰূপে চৰকাৰী উন্নয়ন আঁচনিৰ ফোঁপোলা স্বৰূপ উন্মোচিত কৰিছে।

আনহাতে উন্নয়ন খণ্ডটোৰ পুৰণি কাৰ্যালয়টোৰ সলনি নতুনকৈ আৰ চি চি পৰ্যায়ত কাৰ্যালয় নিৰ্মাণ কৰা হৈছিল।বিগত প্ৰায় দুবছৰ ধৰি উক্ত নতুন কাৰ্যালয়তে কাম-কাজ চলি আহিছে অথচ ক্ৰমান্বয়ে জহি-খহি যাবলৈ আৰম্ভ কৰা পুৰণি কাৰ্যালয়টো নতুন কাৰ্যালয়ৰ সন্মুখতে থকাত কাৰ্যালয়টোৰ সৌন্দৰ্যও ম্লান পৰিছে। তদুপৰি কোনো পৰিকল্পনা নোহোৱাকৈ কাৰ্যালয় চৌহদৰ য’তে-ত’তে যিকোনো গৃহ নিৰ্মাণ কৰাৰ ফলত উন্নয়ন খণ্ডটোৰ চৌহদৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছে।

চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগৰ বিয়াগোম কাৰ্যালয় হিচাপে পৰিগণিত ঘিলামৰা উন্নয়ন খণ্ডৰ চৌহদত কেৱল এজন কৰ্মচাৰীহে থাকে। বিভিন্ন চৰকাৰী সা-সামগ্ৰীৰে ভৰপূৰ হৈ থকা ঘিলামৰা উন্নয়ন খণ্ড, ঘিলামৰা আঞ্চলিক পঞ্চায়ত আৰু গ্ৰামীণ জীৱিকা মিছনৰ কাৰ্যালয়ত নাই চকীদাৰৰ ব্যৱস্থা।

বহু বছৰ ধৰি ধোবাং-বাং হিচাপে থকা ঘিলামৰা উন্নয়ন খণ্ডৰ চৌহদলৈ কাৰ্যালয় ছুটিৰ পিছত বা বন্ধৰ সময়ত বিভিন্ন মালবাহী গাড়ী অহা-যোৱা কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। কিয় আহে, কি আনে বা নিয়ে তাৰ হিচাপো কোনেও ৰখা নাই।

ঘিলামৰা উন্নয়ন খণ্ডত বৰ্তমানে কৰ্মৰত খণ্ড উন্নয়ন বিষয়া, সংশ্লিষ্ট উৰ্ধতম বিষয়া আৰু ঢকুৱাখনাৰ বিধায়কক কৰ্মচাৰীৰ বাবে গৃহ নিৰ্মাণ কৰি উন্নয়ন খণ্ডটোৰ ন খন গাঁও পঞ্চায়তে সুবিধা লাভ কৰাত সহায় কৰিবলৈ আহ্বান জনাইছে।

Also Read: যোৰহাটত সাদিন-প্ৰতিদিন গোষ্ঠীৰ সহযোগত Johnson's ৰ শিশু সজাগতামূলক কাৰ্যসূচী...

Ghillamora