মহিলা চিকিৎসক হত্যাকাণ্ডৰ বিৰুদ্ধে ঘিলামৰাত প্ৰতিবাদ...

মহিলা চিকিৎসক হত্যাকাণ্ডৰ বিৰুদ্ধে ঘিলামৰাত প্ৰতিবাদ...

author-image
Asomiya Pratidin
New Update
মহিলা চিকিৎসক হত্যাকাণ্ডৰ বিৰুদ্ধে ঘিলামৰাত প্ৰতিবাদ...

ডিজিটেল সংবাদ,ঘিলামৰাঃ বৃহস্পতিবাৰে ৰাজপথলৈ ওলাই আহিল নৰ্থ বেংক কলেজৰ ছাত্ৰ-ছাত্ৰী। পশ্চিমবংগৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ জঘন্য ঘটনাৰ বিৰুদ্ধে আজি ৰাজপথলৈ ওলাই আহি মৌন সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰে নৰ্থ বেংক কলেজৰ সহস্ৰাধিক শিক্ষাৰ্থীয়ে।

Advertisment

নৰ্থ বেংক কলেজ ছাত্ৰ একতা সভাৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীয়ে ন্যায় বিচাৰি মৌন সমদল উলিয়ায়। হত্যাকাৰীক কঠোৰ শাস্তি দিয়া,ভুক্তভোগীক ন্যায় প্ৰদান কৰক,আদি শ্ল’গান লিখা প্লেকাৰ্ড আদি লৈ নৰ্থ বেংক কলেজৰ পৰা ঘিলামৰা সদৰ তিনিআলি হৈ ঘাঁহি- কলিতা-জালভাৰী গাঁৱৰ মাজেৰে পুনৰ কলেজলৈকে প্ৰায় আঠ-দহ কিলোমিটাৰ পথ অতিক্ৰম কৰি মৌন সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

Also Read: বি টি আৰত শিক্ষক নিযুক্তিত বিসংগতি !

ghilamora