কৰ্তব্যৰত ঘিলামৰা আৰক্ষী আক্ৰমণকাৰী এজনক গ্ৰেপ্তাৰ...

কৰ্তব্যৰত ঘিলামৰা আৰক্ষীক আক্ৰমণ কৰি জখম কৰা ঘটনাত জড়িত এজনক বৃহস্পতিবাৰে ঘিলামৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । গ্ৰেপ্তাৰ হোৱা ব্যক্তিগৰাকীৰ নাম প্রিয় নাথ দলে (৩৬)।

author-image
Asomiya Pratidin
New Update
কৰ্তব্যৰত ঘিলামৰা আৰক্ষী আক্ৰমণকাৰী এজনক গ্ৰেপ্তাৰ...

ডিজিটেল সংবাদ ঢকুৱাখনা: কৰ্তব্যৰত ঘিলামৰা আৰক্ষীক আক্ৰমণ কৰি জখম কৰা ঘটনাত জড়িত এজনক বৃহস্পতিবাৰে ঘিলামৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । গ্ৰেপ্তাৰ হোৱা ব্যক্তিগৰাকীৰ নাম প্রিয় নাথ দলে (৩৬)।

Advertisment

তেওঁৰ ঘৰ ঘটনাস্থলী গা ডাঙৰ চুকত । ঘিলামৰা আৰক্ষী থানাত পঞ্জীভূত গোচৰ নং- ২১/২০২৫ ৰ ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ১৯১(২)/১২৬(২)/১৩২/১১৭(২)/১১৮(২) /৩৫১(২)/১০৯ ৰ অধীনত ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিছে তদন্তকাৰী আৰক্ষী বিষয়াই । বুধবাৰে সংঘটিত দলবদ্ধ আক্ৰমণৰ ফলত ঘিলামৰা থানাৰ মহিলা আৰক্ষী কনিষ্টবল নৱনিতা চেতিয়া আৰু অসম আৰক্ষী বেটেলিয়ান জোৱান ৰঞ্জন বৰুৱা আহত হৈছিল ।

উল্লেখযোগ্য যে ঘিলামৰা আৰক্ষী থানাৰ গা ডাঙৰচুকত ৰাইজে আবদ্ধ কৰি ৰখা এক পৰকীয়া প্রেমিক যুগল ক্ৰমে ঘিলামৰা থানাৰ অন্তৰ্গত বালিয়নী কুম্বাং গাঁওৰ ভদ্ৰ কান্ত দলেৰ পত্নী নিজৰা দলেয়ে সমীপৰে মাজ পাতৃচুক গাঁওৰ প্ৰণৱ দলেক উদ্ধাৰৰ বাবে যোৱা অৱস্থাত গণ প্ৰহাৰৰ বলি হৈছিল দুই আৰক্ষীৰ লগতে ৪জনীয়া আৰক্ষী দলটো । গণ প্ৰহাৰত আহত হৈছিল পৰকীয়া প্ৰেমিক যুগলো ।

তাৎপৰ্যপূৰ্ণ বিষয় হ'ল ঘটনাস্থলীত উপস্থিত ঘিলামৰা থানাৰ সহকাৰী উপ পৰিদৰ্শক সুনন্দ ডেকাৰ নেতৃত্বত যোৱা ৪ জনীয়া  আৰক্ষীৰ দলটোৱে  দুই অবৈধ দম্পত্তিক উদ্ধাৰ কৰি গাড়ীত ভৰাইছিল যদিও পৰৱৰ্তী সময়ত আৰক্ষী বিষয়া ডেকাই স্থানীয় একাংশ ব্যক্তিৰ কথা শুনি গাড়ীৰ পৰা নমাই দিয়াৰ পৰিণতিত এনে উশৃংখল পৰিস্থিতি উদ্ভৱ হোৱা বুলি প্ৰত্যক্ষদর্শীৰ অভিযোগত প্ৰকাশ ।

প্ৰথমে কেইজনমান ব্যক্তিৰ উপস্থিতিত লৈ যোৱা দম্পত্তিক পৰৱৰ্ত্তী সময়ত কেইবা শতাধিক পুৰুষ মহিলা উপস্থিত হৈ আৰক্ষীৰ আবেষ্টনীত থকা দুই অভিযুক্তক আক্ৰমণ কৰাৰ লগতে সুৰক্ষা দিয়া আৰক্ষীকো আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ।ফলত  জখম হৈছিল দুই আৰক্ষী। সমগ্ৰ ঘিলামৰা অঞ্চলক বদনামি কৰা এই ঘটনাৰ দ্বিতীয় দিনা চেপা উত্তেজনাই বিৰাজ কৰি আছে অঞ্চলটোত ।

ঘিলামৰা আৰক্ষীয়ে  সংগৃহীত দৃশ্যৰ সহায়ত অপৰাধীৰ নাম তালিকা সংগ্ৰহ কৰি গ্ৰেপ্তাৰৰ অভিযান চলাবলৈ সাজু হৈছে। ইয়াৰ বাবে সাজু কৰিছে বিশাল আৰক্ষী বাহিনী । ঢকুৱাখনা সমজিলা আৰক্ষী অধীক্ষক লিন্টু বৰা ঘিলামৰা থানাত উপস্থিত হৈ সমগ্ৰ ঘটনাক্ৰম পৰ্যবেক্ষণ কৰিছে ।

আৰক্ষীৰ জালত শীঘ্ৰে অধিক আক্ৰমণকাৰী পৰাৰ সম্ভাৱনা আছে । এই  দুৰ্ভাগ্যজনক ঘটনাক্ৰমৰ উৎপত্তিত উপস্থিত আৰক্ষী বিষয়াৰ কিবা ক্ৰুটি বিচ্যুতি আছিল নেকি তাৰো এক বিভাগীয় তদন্ত কৰাৰ প্ৰয়োজনীয়তাৰ দাবী উথাপিত হৈছে ঘিলামৰাত ।

ঢকুৱাখনা ঘিলামৰা