ঘিলামৰাত এগৰাকী অন্তঃসত্বা মহিলাক হত্যাৰ অভিযোগ

পত্নীক হত্যা কৰি কোঠাত ওলমাই বাহিৰৰ পৰা দুৱাৰ বন্ধ কৰি থৈছিল বৰ্বৰ মানসিকতাৰ স্বামীয়ে । পূৰ্বৰ পৰাই সীমাহীন অত্যাচাৰ চলাই অহা স্বামীয়ে অৱশেষত ঘৰত কোনো নথকাৰ সুযোগ লৈ এই জঘন্য কাণ্ড সংঘটিত কৰাৰ অভিযোগ...

author-image
Asomiya Pratidin
New Update
ghilamara

ডিজিটেল সংবাদ,ঢকুৱাখনা: ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত চিনাই গাঁৱৰ এগৰাকী বিবাহিতা মহিলাৰ আত্মহননৰ ঘটনাই ঘিলামৰাৰ সামাজিক পৰিবেশ শোকাছন্ন কৰি তুলিছে । বৃহস্পতিবাৰে চিনাই গাঁওৰ অৰূপ বৰুৱাৰ পত্নী নিবেদিতা চমুৱা বৰুৱা(২৫)ই নিজা গৃহত আত্মহত্যা কৰে । কিন্তু পৰৱৰ্তী সময়ত এয়া এক হত্যাকাণ্ড বুলি অভিযোগ উত্থাপিত হয় ।

Advertisment

মৃতকৰ আত্মীয়ই অভিযোগ কৰা মতে  বিগত সময়ত স্বামীৰ তীব্ৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই অহাৰ পৰবৰ্তী সময়ত  বিদুষী মহিলা গৰাকীক হত্যা কৰা হ'ল। মৃতক নিবেদিতা চমুৱাৰ ঘনিষ্ঠই জনোৱা মতে উদণ্ড স্বামীয়ে পৰিকল্পিত ভাবে পত্নীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ নিকৃষ্ট চেষ্টা কৰিছিল ।

পত্নীক হত্যা কৰি কোঠাত ওলমাই বাহিৰৰ পৰা দুৱাৰ বন্ধ কৰি থৈছিল বৰ্বৰ মানসিকতাৰ স্বামীয়ে । পূৰ্বৰ পৰাই সীমাহীন অত্যাচাৰ চলাই অহা স্বামীয়ে অৱশেষত ঘৰত কোনো নথকাৰ সুযোগ লৈ এই জঘন্য কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে  মৃতকৰ আত্মীয়ই ।

এই সন্দৰ্ভত ঘিলামৰা আৰক্ষী থানাত মৃতকৰ আত্মীয়ই দাখিল কৰা এক এজাহাৰৰ ভিত্তিত ঘিলামৰা থানাত এক গোচৰ (নং- ১৪/২০২৫) পঞ্জীয়ন কৰে। আৰক্ষীয়ে ক্ষীপ্ৰতাৰে ঘটনাস্থলীত উপস্থিত হৈ কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি শুক্ৰবাৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

ইপিনে মৃতকৰ আত্মীয়ৰ অভিযোগৰ ভিত্তিত ঘিলামৰা আৰক্ষীয়ে মৃতক নিবেদিতা চমুৱা বৰুৱাৰ স্বামী অৰূপ বৰুৱাক গ্ৰেপ্তাৰ কৰিছে । অন্যহাতে মৃতকৰ আত্মীয়ই অভিযোগ উত্থাপন কৰা মতে মৃত্যুৰ সময়ত মহিলা গৰাকী প্ৰায় ৮ মাহৰ অন্তঃসত্বা আছিল ।

 এগৰাকী সন্তানসম্ভবা মহিলাক অসহনীয় মানসিক নিৰ্যাতন চলাই মৃত্যুক সাৱটি ল'বলৈ বাধ্য কৰোৱা স্বামী অৰূপ বৰুৱাক কঠোৰতম শাস্তি বিহাৰ দাবীত শুক্ৰবাৰে দুপৰীয়া ক্ষুব্ধ একাংশ মহিলা আৰু ৰাইজে ঘিলামৰা থানাত উপস্থিত হৈ হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে ।

মৃতদেহ হত্যাকাৰীৰ ঘৰত জ্বলোৱাৰ বাবে নশ্বৰ দেহ বিচাৰি আৰক্ষী থানা চৌহদত সবল প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে এই বৰ্বৰ ঘটনাৰ সন্দৰ্ভত ঘিলামৰা আৰক্ষীয়ে তদন্ত সঠিক ভাবে কৰা বুলি কৈ মৃতকৰ মৰণোত্তৰ পৰীক্ষাৰ সমান্তৰালভাৱে বিশেষ অংগ ফৰেনচিক গৱেষণাগাৰলৈ প্ৰেৰণ কৰিছে।  

এগৰাকী গৰ্ভাৱতী মহিলাৰ এনে মৃত্যুৰ বাতৰিয়ে ঘিলামৰাত শোকৰ ছাঁ পেলাইছে । ন্যায়কামী ৰাইজে ঘটনাৰ সঠিক তদন্ত দাবী কৰি দোষীক কঠোৰতম শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে।

ঘিলামৰা