/asomiyapratidin/media/media_files/2025/02/25/mHEKj66LcKmoTQJhNOFQ.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনা সমজিলাৰ ঘিলামৰা সদৰত সততে দৃষ্টিগোচৰ হোৱা পুতিগন্ধময় অৱস্থাৰ স্থায়ী নিৰাময়ৰ তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিছে বিধায়ক নৱ দলেয়ে। সুদীর্ঘ দিন ধৰি ঘিলামৰা সদৰত পানী জমা হৈ সৃষ্টি হৈ অহা এক পুতিগন্ধময় অৱস্থা দূৰীকৰণৰ হেতু এক আঁচনি গ্ৰহণ কৰিছিল বিধায়ক দলেৰ নিৰ্দেশত ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মাণ পথ বিভাগে ।
সেই অনুসৰি ঘিলামৰা সদৰৰ পৰা নৰ্থ বেংক মহাবিদ্যালয়ৰ সন্মুখেৰে প্ৰায় ৮০০ মিটাৰ দৈৰ্ঘৰ এটা পকী নলা নিৰ্মাণৰ বিপৰীতে প্ৰায় ১কোটি ৭৫ লাখ ২১হাজাৰ ৩৬৪ টকা অনুমোদন লাভ কৰে লোকনিৰ্মাণ পথ সংমণ্ডলে ।
কেন্দ্ৰীয় চৰকাৰৰ এছ ডি এম এফ শিতানৰ ২০২৩-২০২৪ বর্ষৰ অধীনৰ আবন্টন প্ৰাপ্ত এই গুৰুত্বপূৰ্ণ বিবেচিত পকী নলা আঁচনিখন বিধায়ক দলেয়ে চলিত বৰ্ষৰ বান বাৰিষাৰ পূৰ্বে কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশনা দিছিল লোকনিৰ্মাণ বিভাগ আৰু কামৰ দায়িত্ব প্ৰাপ্ত শ্ৰী গণেশ এণ্টাপ্ৰাইজক।
সেইমতে নিৰ্মাণ সংস্থাই বিভাগৰ কামৰ নিৰ্দেশনাত বান্ধি দিয়া নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে দ্ৰুতগতিত তৎপৰতা অব্যাহত ৰাখিছে ।লোকনিৰ্মান বিভাগৰ শীর্ষ সূত্ৰই জনোৱা মতে কম সময়ৰ ভিতৰত দ্ৰুত গতিত কাম চলোৱা হৈছে।
যাৰ বাবে সমাগত বাৰিষাৰ পূৰ্বে এই নৱনির্মিত পকী নলাৰে ঘিলামৰা সদৰৰ পানী নিষ্কাশন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হব। যাৰ বাবে ঘিলামৰা সদৰৰ পূৰ্বৰ জলমগ্ন আৰু অস্বাস্থ্যকৰ পৰিবেশৰ স্থায়ী দূৰীকৰণ হব আৰু সদৰৰ ব্যৱসায়ী সকলৰ লগতে ঘিলামৰাবাসী দীৰ্ঘদিনীয়া সমস্যা এটাৰ পৰা বহুলাংশে উপকৃত হব।