/asomiyapratidin/media/media_files/2025/07/02/new-ap-web-2-7-2025-07-02-17-54-32.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা সমজিলাৰ ঘিলামৰা থানাৰ দুগৰাকী আৰক্ষী বুধবাৰে একাংশ উন্মাদ ৰাইজৰ দলবব্ধ আক্ৰমণৰ বলি হ’ব লগা হয়। ঘিলামৰা থানাৰ অন্তৰ্গত গা ডাঙৰচুক গাঁৱৰ পৰা এহাল পৰাকীয়া প্ৰেমত আবদ্ধ অভিযুক্তক উদ্ধাৰ কৰিবলৈ গৈ গণ উন্মাদনাৰ চিকাৰ হ’ব লগা হৈ গুৰুতৰ ভাবে আহত হয় দুই আৰক্ষী।
ঘটনাৰ বিবৰণ অনুসৰি ঘিলামৰা থানাৰ অন্তৰ্গত বালিয়নী কুম্বাং গাঁৱৰ ভদ্ৰ কান্ত দলেৰ পত্নী নিজৰা দলেয়ে সমীপৰে মাজ পাতৃচুক গাঁৱৰ প্ৰণৱ দলেৰ পৰাকীয়া প্ৰেমৰ বান্ধোনত বান্ধ খাই দুয়ো বহু দিন বৰ্হিৰাজ্যত আত্মগোপন কৰি আছিল। পৰৱৰ্তী সময়ত এটা সংগঠনৰ তৎপৰতাত স্বগৃহলৈ অনাৰ পাছত বুধবাৰে গা ডাঙৰ চুকৰ এঘৰত আশ্ৰয় দি ৰাখিছিল।
এনেতে গাঁওখনৰ একাংশই দুয়োকে আবদ্ধ কৰি ৰখাৰ পাছত ঘিলামৰা আৰক্ষীক অৱগত কৰে। ঘিলামৰা থানাৰ সহকাৰী উপ পৰিদৰ্শক সুনন্দ ডেকাৰ নেতৃত্বত দুজনীয়া সশস্ত্ৰ আৰক্ষী বেটেলিয়ানৰ সহযোগত এটা ৪ জনীয়া আৰক্ষীৰ দল গৈ ঘটনাস্থলীত উপস্থিত হৈ দুয়োকে উদ্ধাৰ কৰি থানালৈ আনিবলৈ প্ৰয়াস চলাই।
আবদ্ধ দুয়োকে থানাৰ গাড়ীত উঠাই থানালৈ অনাৰ বাবে সাজু হয়। এনেতে একাংশ উন্মত মহিলা-পুৰুষে আৰক্ষীৰ বাহন আগভেটি ধৰি গাড়ীৰ পৰা দুই অভিযুক্তক স্থানীয় ভাবে বিচাৰ কৰাৰ দাবীৰে উলিয়াই নিয়ে।
ইয়াৰ পাছতেই আৰম্ভ হয় দুই অভিযুক্তৰ ওপৰত নিৰ্বিচাৰ শাৰীৰিক আক্ৰমণ। উন্মত একাংশ ৰাইজে পৰকীয়া প্ৰেমীক যুগলক প্ৰহাৰ কৰাৰ লগতে মহিলাগৰাকীৰ গাৰ কাপোৰ ফালি অৰ্ধ উলংগ কৰি অত্যাচাৰ অব্যাহত ৰাখে।
আৰক্ষীৰ প্ৰবল বাধাকো নেওচি ৰাইজে চলোৱা প্ৰহাৰৰ সমান্তৰালভাৱে উদ্ধাৰকাৰী উপস্থিত আৰক্ষীৰ ওপৰতো আৰম্ভ কৰে আক্ৰমণ। চৰকাৰী কৰ্তব্য সম্পন্ন কৰিবলৈ গৈ নিৰ্বিচাৰ আক্ৰমণৰ বলি হৈ মহিলা আৰক্ষী কনিষ্টবল নৱনিতা চেতিয়া আৰু ত্ৰয়োদশ অসম আৰক্ষী বেটেলিয়ান জোৱান ৰঞ্জন বৰুৱা আহত হয়।
মহিলা আৰক্ষী কনিষ্টবল নৱনিতা চেতিয়াই তেজেৰে তুমৰলী হোৱাৰ পাছতো অভিযুক্ত মহিলা নিজৰা দলে আৰু অন্য আৰক্ষীসকলে প্ৰণৱ দলেক উদ্ধাৰ কৰি ৰাইজৰ প্ৰবল বাধা নেওচি থানালৈ আনিবলৈ সক্ষম হয়। পাছত ঘিলামৰা থানাত উপস্থিত হৈ গুৰুতৰভাবে আহত দুয়ো আৰক্ষীৰ প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়।
ইপিনে কৰ্তব্য সমাপন কৰিবলৈ গৈ প্ৰাণনাশী আক্ৰমণৰ বলি হৈ কথমপি ৰক্ষা পোৱা দুই আৰক্ষীৰ প্ৰামানিক তথ্যৰ ভিত্তিত ঘিলামৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গকুল চেতিয়াই এটা নিজাববীয়া গোচৰ ৰুজু কৰিছে। সম্প্ৰতি গণ উন্মাদনাৰ পৰা কোনোমতে প্ৰাণ বচাই উদ্ধাৰ হোৱা পৰকীয়া প্ৰেমিক যুগল ঘিলামৰা আৰক্ষীৰ আলহী।
আইন হাতত তুলি একাংশ ৰাইজে সংঘটিত কৰা এনে পৰিস্থিতিৰ নিৰপেক্ষ তদন্তৰ পাছত এই উশৃংখল কাণ্ডৰ সতে জড়িতসকলক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপিত হৈছে।