Advertisment

মাজুলী ৰাস চাই উভতি আহোতে ঘিলামৰাত বাগৰিল বাহনঃ আহত ১৩

ঘিলামৰা থানাৰ অচি নয়নজ্যোতি ডেকাৰ নেতৃত্বত এটা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি ১০৮ সেৱাৰ জৰিয়তে ঘিলামৰা সামূহিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ghilamara

ডিজিটেল সংবাদ,ঢকুৱাখনা: শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস লীলাৰ ছন্দোময়তাত সমগ্ৰ ৰাজ্য বিধৌত হৈ থকাৰ সময়তে শনিবাৰে পুৱা ঘিলামৰাত পথ দুৰ্ঘটনা সংঘটিত হয়। মাজুলীৰ পৰা লখিমপুৰ অভিমুখী এখন যাত্ৰী কঢ়িওৱা গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি বহু তলত পৰে বাহনখন।

Advertisment

শনিবাৰে পুৱা প্ৰায় ৬ বজাত সংঘটিত পথ দুৰ্ঘটনাত লখিমপুৰ আজাদৰ প্ৰায় ১৩গৰাকী ব্যক্তি গুৰুতৰভাবে আহত হয়। ঘটনাৰ খবৰ পাই ঘিলামৰা থানাৰ অচি নয়নজ্যোতি ডেকাৰ নেতৃত্বত এটা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি ১০৮ সেৱাৰ জৰিয়তে ঘিলামৰা সামূহিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰে।

আহত সকলক প্ৰাথমিক চিকিৎসা আগবঢ়াই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ উন্নত আৰু জৰুৰী চিকিৎসাৰ বাবে প্ৰেৰণ কৰে। ইয়াৰে কেইবাজনৰো অৱস্থা সংকটজনক। ঘটনাৰ বিবৰণী অনুসৰি সত্ৰ নগৰী মাজুলীৰ সৰু সত্ৰত ৰাস উৎসৱ উপভোগ কৰি ঘৰলৈ উভতিছিল প্ৰায় ১৩ গৰাকী যাত্ৰী কঢ়িওৱা এ এছ ০৭ বি চি ৬৯৮৪ নম্বৰৰ মালবাহী লঘু বাহনখন।

আজাদৰ লোকেন ৰাজখোৱা বাহনখনে যাত্ৰী কঢ়িয়াই ঘিলামৰা পাৰহৈ বৰদৈ পোৱাৰ সময়তে পথত এটা গৰু দেখি কাষলৈ চাপি যাওতে পথৰ পৰা বহু তললৈ নামি যায়। ফলত বাহনখনত থকা সকলো পুৰুষ মহিলা শিশু যাত্ৰী বহু দূৰলৈ চিটিকি পৰি গুৰুতৰ ভাবে জখম হয়। এই সন্দৰ্ভত ঘিলামৰা থানাত এটা গোচৰ ৰুজু হৈছে আৰু আৰক্ষীয়ে পৰিত্যক্ত গাড়ীখন উদ্ধাৰ কৰি থানালৈ নিছে।

মাজুলী