/asomiyapratidin/media/media_files/2025/07/07/whatsapp-image-2025-2025-07-07-11-14-29.jpeg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ক্ৰমাৎ জে'ল গমনৰ তালিকা বৃদ্ধি পাই গৈছে ঘিলামৰাত। কৰ্তব্যৰত দুগৰাকী আৰক্ষীক নিৰ্মম প্ৰহাৰ কৰি আহত কৰা ঘটনাৰ পঞ্জীভূত গোচৰত জড়িত দুগৰাকী মহিলাক দেওবাৰে গ্ৰেপ্তাৰ কৰি ন্যায়িক হাজোতলৈ প্ৰেৰণ কৰা হৈছে।
গ্ৰেপ্তাৰ হোৱা মহিলা দুগৰাকী হ'ল ঘিলামৰাৰ গা ডাঙৰ চুকৰ খগেন দলেৰ পত্নী নলিনী দলে (য়াবো)(৪৫) আৰু কৰ্নেশ্বৰ পাতিৰৰ পত্নী আইনেশ্বৰী (চেনীমাই) পাতিৰ(৪০)। ঘিলামৰা থানাত পঞ্জীভূত গোচৰ নম্বৰ 21/2025ৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতা-২০২৩ ৰ 191(2)/126(2)/ 132/117(2)/118(2)/351(2)/109 ধাৰাৰ ভিত্তিত এই দুগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা হৈছে।
উল্লেখযোগ্য যে, অবৈধ প্ৰেমত মত্ত হৈ আবদ্ধ হোৱা প্ৰেমিক যুগলক উদ্ধাৰৰ বাবে ঘিলামৰা থানাৰ এ এছ আই সুনন্দ ডেকাৰ নেতৃত্বত গা ডাঙৰচুকলৈ যোৱা এটা আৰক্ষীৰ দলক গণ প্ৰহাৰ কৰিছিল একাংশ উন্মত্ত ৰাইজে। কাঢ়ি নিব লৈছিল আৰক্ষী জোৱানৰ অস্ত্ৰ।
উশৃংখল পৰিস্থিতিৰ মাজতে উন্মত্ত জনতাৰ প্ৰহাৰত আহত হৈছিল দুই আৰক্ষী জোৱান। পৰৱৰ্তী সময়ত এই সন্দৰ্ভত ঘিলামৰা থানাৰ অচি বকুল গগৈয়ে ৰুজু কৰা নিজাববীয়া গোচৰৰ ভিত্তিত আৰক্ষীয়ে চলোৱা অভিযান কালত ইতিমধ্যে গা ডাঙৰচুক গাঁৱৰ হৰি কৃষ্ণ দলে, ভদ্ৰ কান্ত দলে, অৰ্জুন দলে, ভীষ্ম পাতিৰ ,প্রিয় নাথ দলে,ৰমেশ পাতিৰ,এবেল দলে, জুনিয়ৰ পাতিৰ, বাণী কান্ত পাতিৰ আৰু ৰাম চন্দ্ৰ পাতিৰ সহ ১০ জনক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল।
সম্প্ৰতি এই গোচৰত গ্ৰেপ্তাৰ হৈছে সৰ্বমুঠ ১২ জন। ঘিলামৰা আৰক্ষী থানাৰ অচি বকুল গগৈয়ে অধিক অভিযুক্তক গ্ৰেপ্তাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। অচিৰেই অধিক নাম অভিযুক্ত আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে বুলি জনা গৈছে ।