ঘিলামৰাত কেঁচুসাৰ প্ৰস্তুতৰ মনোজ্ঞ কৰ্মশালা সম্পন্ন...

ঘিলামৰাত কেঁচুসাৰ প্ৰস্তুতৰ মনোজ্ঞ কৰ্মশালা সম্পন্ন...
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা: সাম্প্ৰতিক সময়ত খাদ্য সামগ্ৰীৰ ব্যাপক চাহিদাৰ জোৰা মাৰিবলৈ উন্নত আৰু জৈৱিক কৃষি পদ্ধতিৰ বিকল্প নাই। কেৱল ব্যৱসায়িক আৰু মুনাফা অর্জনৰ বাবে কৃষি কাৰ্যত ৰাসায়নিক সাৰৰ অবৈজ্ঞানীক প্ৰয়োগে বহু ক্ষেত্ৰত জনস্বাস্থ্যৰ বাবে মাৰাত্মক ভাবুকি নমাই আনিছে । এনে প্ৰেক্ষাপটত ৰাসায়নিক সাৰৰ বিকল্প আৰু নিৰ্দোষ পোষক দ্ৰব্য হিচাপে কৃষি বিজ্ঞানী সকলে উদ্ভাৱন কৰিছে জৈৱিক সাৰ আৰু এনে সাৰ প্ৰয়োগেৰে জৈৱিক কৃষি কৰি স্বাস্থ্যসন্মত উৎপাদন কৰাতো সময়োপযোগী ।

বৰ্তমান প্ৰেক্ষাপটত কেঁচুসাৰক এবিধ সৰ্বোত্তম জৈৱ সাৰ হিচাবে পৰিগণিত হৈছে । কেঁচুৱে নিজৰ আহাৰ হিছাপে বিভিন্ন জৈৱিক আৱৰ্জনা, উপাদান আদি ভক্ষণৰ জৰিয়তে যি কেঁচুমতা সৃষ্টি কৰে, থোৰতে সেই খিনিয়েই কেঁচু সাৰ। সম্প্ৰতি বিশ্বৰ নিৰ্দোষ কৃষিজাত উৎপাদনৰ বাবে এই কেঁচুসাৰৰ চাহিদা সবাতোকৈ বেছি। আজিকালি  নগৰ চহৰৰ ওপৰিও গাঁও অঞ্চলৰ লোকসকলেও বাৰী, বাগান, টাব আদিত ৰুৱা শাক-পাচলি আৰু বিভিন্ন কৃষি কাৰ্যৰ বাবে প্ৰধানকৈ কেঁচুসাৰ প্ৰয়োগ কৰে।

এনেদৰে কেঁচুসাৰ প্ৰয়োগেৰে উৎপাদিত  শাক-পাচলিৰ নিৰ্ভেজাল গুণমানৰ হেতুকে এনে কৃষিজাত খাদ্য সামগ্ৰীৰ চাহিদা দিনক দিনে বৃদ্ধি পাইছে। মানৱ সমাজত বহুল ভাৱে সমাদৃত এই জৈৱিক কেঁচু সাৰ প্ৰয়োগেৰে উৎপাদিত খাদ্য সামগ্ৰীৰ চাহিদালৈ লক্ষ্য কৰিলে আৰ্থিক ভাৱে যথেষ্ট লাভাৱান্বিত হোৱাৰ লগতে পাৰিপাৰ্শ্বিক পৰিৱেশৰ ক্ষয়-ক্ষতি নোহোৱাকৈ, নিশ্চিত ভাৱে স্বাস্থ্যসন্মত নিৰোগী খাদ্য সহজলভ্য হোৱাটো সম্ভৱ।

অসম বিজ্ঞান সমিতিৰ পৃষ্ঠপোষকতাত অসম বিজ্ঞান সমিতি , ঢকুৱাখনা শাখাই অনুষ্ঠিত কৰা কেঁচু সাৰ সম্পৰ্কীয় এদিনীয়া মনোজ্ঞ কৰ্মশালাত এই মন্তব্য কৰে কৰ্মশালাৰ মুখ্য সমল ব্যক্তি বিশিষ্ট পৰিবেশ সংৰক্ষক তথা গৱেষক ডঃ অমল চন্দ্ৰ দত্তই। শুক্ৰবাৰে ঘিলামৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত ৰূপায়িত "আত্মনির্ভৰশীলতাৰ বাবে কেঁচুসাৰ প্ৰস্তুত কৰ্মশালা " শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্য সমল ব্যক্তি ডঃ দত্তই Power Point Presentation ৰ সহায়ত অংশগ্ৰহণকাৰী সকলৰ মাজত কেঁচুসাৰৰ উদ্ভাৱন পৰ্ব, কেঁচুসাৰ উৎপাদনৰ সৰল পদ্ধতি, স্বনিয়োজন আৰু নিৰোগী জীৱন ধাৰণৰ বাবে কেঁচুসাৰৰ প্ৰাসংগিকতা , কৃত্ৰিম বা ৰাসায়নিক সাৰৰ ভয়াবহতা , কেঁচুসাৰৰ জৰিয়তে আত্মনিৰ্ভৰশীলতাৰ পথত কিদৰে স্বাভিমানেৰে আগুৱাই যাব পাৰি তাৰ তথ্য সমৃদ্ধ আৰু প্ৰণালীবদ্ধ অবলোকন কৰে। বৃহত্তৰ ঘিলামৰাৰ মনোনীত মুঠ ৫০ গৰাকী উদ্যমী পুৰুষ-মহিলা ,কৃষি সখীযে অংশগ্ৰহণ কৰা কৰ্মশালাৰ আঁত ধৰে অসম বিজ্ঞান সমিতিৰ  ঢকুৱাখনা শাখাৰ সভাপতি দিগেন্দ্ৰ  নাথ হাজৰিকাই।

ঢকুৱাখনা শাখাৰ উপসভাপতি পৰমানন্দ দত্তৰ সহযোগিতাত অনুষ্ঠিত কৰ্মশালাত সমল ব্যক্তি হিচাবে পৰিৱেশমিত্ৰ বঁটাপ্ৰাপক দেৱজিৎ ফুকনেও মনোজ্ঞ বক্তব্য আগবঢ়াই । বিজ্ঞান সমিতিৰ ঢকুৱাখনা শাখাৰ গৰিষ্ঠ সংখ্যক কৰ্মকৰ্তা উপস্থিত থকা কৰ্মশালাত অংশগ্ৰহণকাৰী প্ৰশিক্ষাৰ্থী সকলে বিষয়বস্তুৰ ওপৰত সমলব্যক্তি সকলৰ সৈতে মত বিনিময় কৰে । কৰ্মশালাত ঘিলামৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া জিম্পী শইকীয়াই চমু বক্তব্যত এনে প্ৰশিক্ষণৰ প্ৰাথমিক গুৰুত্ব আৰু সাম্প্ৰতিক সময়ত অত্যন্ত উপযোগিতাৰ কথা ব্যক্ত কৰে। কৰ্মশালাৰ অন্তত প্ৰশিক্ষাৰ্থী সকলক প্ৰমান পত্ৰ প্ৰদান কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in