Advertisment

ঘিলামৰাৰ ৰাজপথত জ্বলিল ৰে'নল্ট ট্ৰাইবাৰ বাহন...

এখন ৰে'নল্ট ট্ৰাইবাৰ বাহন । শনিবাৰে মাজনিশা প্ৰায় ১২ বজাত গোগামুখ-ঘিলামৰা ২২নং ৰাজ্যিক ঘাই পথেৰে গৈ থকা অৱস্থাতে সংঘটিত হল এক ভয়ংকৰ কাণ্ড। চলন্ত অৱস্থাতে গাড়ীখন বালিয়নী গাঁওৰ অংশৰ ৰাজপথৰ ওপৰত দাও দাও কৈ জ্বলি উঠিল।

author-image
Asomiya Pratidin
New Update
ঘিলামৰাৰ ৰাজপথত মাজনিশা ভস্মীভূত বাহন

ঘিলামৰাৰ ৰাজপথত মাজনিশা ভস্মীভূত বাহন Photograph: (ঘিলামৰাৰ ৰাজপথত মাজনিশা ভস্মীভূত বাহন)

ডিজিটেল সংবাদ, ঢকুৱাখনা: এখন ৰে'নল্ট ট্ৰাইবাৰ বাহন । শনিবাৰে মাজনিশা প্ৰায় ১২ বজাত গোগামুখ-ঘিলামৰা ২২নং ৰাজ্যিক ঘাই পথেৰে গৈ থকা অৱস্থাতে সংঘটিত হল এক ভয়ংকৰ কাণ্ড। চলন্ত অৱস্থাতে গাড়ীখন বালিয়নী গাঁওৰ অংশৰ ৰাজপথৰ ওপৰত দাও দাও কৈ জ্বলি উঠিল।

Advertisment

গাড়ীখনত থকা একমাত্ৰ চালক গৰাকীযে প্ৰাণ বচাই ৰাজপথৰ দাঁতিলৈ জাঁপ মাৰে যদিও গাড়ীখন ভস্মীভূত হয় । গাড়ীখনৰ পঞ্জীয়ন নম্বৰ হৈছে এ এছ০১-এফ এন-৪৯০৮ । গাড়ীখনৰ স্বত্বাধিকাৰী ,চালক বিহপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত সন্তপুৰ গাঁওৰ আহিৰ গগৈৰ পুত্ৰ বিশ্বজিত গগৈ নিৰাপদ অৱস্থাত উদ্ধাৰ কৰে ঘিলামৰা আৰক্ষীয়ে।  

ঘটনাৰ খবৰ লাভ কৰি ঘিলামৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত প্ৰভাৰীৰ নেতৃত্বত এটা আৰক্ষীৰ দল ক্ষীপ্ৰতাৰে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি অগ্নিনিৰ্বাপক বাহিনীৰ জৰিয়তে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।

ঘটনাস্থলীত মহকুমা আৰক্ষী বিষয়া লিংটো বৰা ,ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্রিয়ব্ৰত গগৈ ঘটনাস্থলীত উপস্থিত হৈ ভস্মীভূত বাহনখন থানালৈ জব্দ কৰি নিয়ে । চলন্ত গাড়ীখনত সংঘটিত হোৱা  অগ্নিকাণ্ডৰ কাৰণ অদ্যপি পোহৰলৈ অহা নাই যদিও যান্ত্ৰিক বিজুটি বুলি প্ৰাথমিক ভাবে ধাৰনা কৰা হৈছে। 

ঘিলামৰা