ঘিলামৰা উন্নয়ন খণ্ডত দুৰ্নীতিপৰায়ণ বিষয়া-কৰ্মচাৰীৰ দৌৰাত্ম্য...

দুৰ্নীতি অনিয়মেই নিয়ম হোৱা ঢকুৱাখনা সমজিলাৰ ঘিলামৰা উন্নয়ন খণ্ডত এচাম দুৰ্নীতি পৰায়ন বিষয়া কৰ্মচাৰীৰ দৌৰাত্ম্য আজিও অব্যাহত আছে। চৰকাৰী পুঁজি

author-image
Asomiya Pratidin
New Update
ujujss

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ  দুৰ্নীতি অনিয়মেই নিয়ম হোৱা ঢকুৱাখনা সমজিলাৰ আজিও অব্যাহত আছে। চৰকাৰী পুঁজি , হিতাধিকাৰীৰ বিপৰীতে আবন্তিত ধনৰ নামত ব্যাপক বিত্তীয় অনিয়ম সৃষ্টি কৰা ঘিলামৰা উন্ময়ন খণ্ডৰ দুৰ্নীতি গ্ৰস্তক বৰপিৰা দি বঢ়াইছে লখিমপুৰ জিলা প্ৰশাসনে ।

Advertisment

খণ্ডটোৰ বিলমুখ পঞ্চায়তত সংঘটিত প্ৰধান মন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ চৰকাৰী নীতি নিৰ্দেশনা অমান্য কৰা ব্যাপক কেলেংকাৰীৰ ধাৰাবাহিক তথ্য সমৃদ্ধ বাতৰি প্ৰকাশৰ পাছতো দুৰ্নীতিগ্ৰস্তৰ গা লৰাবলৈ সাহস কৰিব পৰা নাই জিলা আয়ুক্ত আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই ।

খণ্ডটোত সংঘটিত জবকাৰ্ডৰ পুঁজি ক্ৰুটিপূৰ্ণ আবন্টন প্ৰক্ৰিয়া, একেখন ফটোকে বিভিন্ন হিতাধিকাৰীৰ ঘৰত জালিয়াতিৰে ব্যৱহাৰ কৰি মুনাফা ঘটা, প্ৰাপ্য পুঁজি হিতাধিকাৰীয়ে লাভ নকৰা আদি নীতি নিৰ্দেশনা উলংঘন কাণ্ডত প্ৰত্যক্ষ ভাবে জড়িত খণ্ড উন্নয়ন বিষয়া জিম্পি শইকীয়া , সচিব ধৰ্মেন্দ্ৰ পেগুৰ ওপৰত কোনো অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস কৰা নাই জিলা প্ৰশাসনৰ এনেবোৰ শীর্ষ আমোলাই ।

কেৱল বিধায়ক নব দলেৰ ঘনিষ্ঠ আৰু আৰ্শীবাদপুষ্ট বিষয়া কৰ্মচাৰী হোৱাৰ যোগ্যতাৰে সীমাহীন অনিয়ম সংঘটিত কৰাৰ অভিযোগ উঠাৰ পাছতো ক্ষমতাৰ গাদীত বহি থাকিবলৈ সক্ষম হৈছে বি ডি অ'-সচিব । ঘিলামৰাৰ শাসক দলৰ এটা চক্ৰৰ দপদপনি চলা খণ্ডটোত গেৰুৱা দলৰ একাংশ সুবিধভোগীৰ শ্ৰুতলিপিত পৰিচালিত হোৱা খণ্ডটোত স্বচ্ছ ,নিকা ,জনদায়বদ্ধ সেৱাই উজুটি খোৱাৰ অভিযোগ উত্থাপিত হৈছে।

কেৱল শাসক দলৰ ৰাজনৈতিক কৃপা থকাৰ বাবেই বি ডি অ'আৰু সচিবৰ চকী লৰাবলৈ সক্ষম হোৱা নাই শীর্ষ আমোলাদ্বয় । বিপৰীতে খণ্ডটোত চলি থকা দুৰ্নীতি অনিয়মৰ মুকলি বিৰোধিতা কৰি অহা চাণক্য সোণোৱাল নামৰ "বি পি এম, পি এম ৱাই (জি)" গৰাকীক ষড়যন্ত্ৰমূলক ভাবে কৰুনাবাৰী খণ্ডলৈ বদলি কৰি নিজৰ ভ্ৰূষ্টাচাৰৰ পথ নিষ্কণ্টক কৰি ললে এই চক্ৰটোৱে ।

অতি লজ্জাজনক বিষয় হল কোনো ধৰণৰ ব্যক্তিগত আৰু ৰাজহুৱা অভিযোগ নাছিল  সোণোৱালৰ ওপৰত । তৎস্বত্বেও ঢকুৱাখনা সমজিলাৰ তদানীন্তন সমজিলা আয়ুক্ত কাৰ্ত্তিক কলিতাই ১১জুলাইত ডি চি.২-চি/এম আই এছ চি/২০০৩-১১/১৩০৪৯ নম্বৰৰ পত্ৰ যোগে ঘিলামৰাৰ গেৰুৱা শক্তিটোৰ লগতে খণ্ড উন্নয়ন বিষয়াৰ শ্ৰুতলিপি লৈ জিলা আয়ুক্তলৈ  "মৌখিক অভিযোগ" থকা বুলি স্পষ্টকৈ লিখি প্ৰেৰণ কৰা এক পত্ৰৰ পাছতেই  বিষয়া গৰাকীৰ বদলি হল কৰুনাবাৰী ব্লকলৈ।

বিপৰীতে দুৰ্নীতিৰ ৰম্যভূমি ঘিলামৰা ব্লকত এই অশুভ চক্ৰৰ সন্মিলিত অখণ্ড প্ৰতাপৰ পথ সুগম হল । কিন্তু ঘিলামৰাৰ  বিডিঅ , সচিবৰ বিৰুদ্ধে বহু গুৰুতৰ ৰাজহুৱা অভিযোগ উত্থাপন হোৱা স্বত্তেও নিৰ্বাক নিচ্ছুপ একেই কেইজন জিলা মুৰব্বী বিষয়া । জিলা প্ৰশাসনৰ মুৰব্বী সকলৰ খণ্ডটোৰ দুৰ্নীতিগ্ৰস্তৰ প্ৰতি ৰহস্যজনক সহাৱস্থানৰ বাবে পুনৰ বিত্তীয় অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে পঞ্চায়তখনত।

সংগৃহীত তথ্য মতে পঞ্চায়তখনৰ কলাবাৰী গাঁওৰ  দৰিদ্ৰ পি এম এ ৱাই (জি)ৰ হিতাধিকাৰী তিলোত্তমা পাতিৰৰ আই ডি নম্বৰ AS143087907ৰ বিপৰীতে জবকাৰ্ডৰ জৰিয়তে  ৩ হাজাৰ ৭২ টকা ৩ আগষ্টত প্ৰদান কৰিলে । সমান্তৰালভাৱে একে আই ডিৰ বিপৰীতে নীতি বৰ্হিভূত ভাবে সৰিয়নী গাঁওৰ জুনু মাই দলে আৰু লক্ষ্মী কান্ত দলে নামৰ ব্যক্তিকো ১২দিনৰ কাম কৰা দেখুৱাই একে পৰিমাণৰ পুঁজি প্ৰদান কৰিলে ।

অন্যহাতে পঞ্চায়তখনৰ জাৰ্মান পেগু নামৰ এজন হিতাধিকাৰীৰ নামত দুটা ঘৰ আবন্টন দিছে । পেগুৰ AS125850101 নম্বৰ আই ডিৰ বিপৰীতে ২৩ ছেপ্টেম্বৰ২০২৪ত এটা ঘৰৰ প্ৰথম কিস্তি মুঠ ৩২হাজাৰ ৫০০ আবন্টন দিয়াৰ পাছত পুনৰ  অন্য এটা  আই ডি AS146459518 ৰ বিপৰীতে পি এম ৱাই (জি) আঁচনিৰ সম্পূৰ্ণ পুঁজি দিছে যোৱা বর্ষৰ ২৫ ছেপ্টেম্বৰত ।

তদ্ৰুপ ভাবে পিংকি পেগু কুম্বাংৰ AS145342239 নম্বৰৰ আই ডিৰ বিপৰীতে যোৱা বর্ষৰ ২৩ ছেপ্টেম্বৰত  প্ৰথম কিস্তিৰ পুঁজিৰ মুঠ ৩২হাজাৰ ৫০০ টকা প্ৰদান কৰি কিন্তু বাকী পুঁজি ৰহস্যজনক ভাবে আদায় দিয়া নাই । বিষয়টো সম্প্ৰতি ৰহস্যৰ আৱৰ্তত । শেহতীয়া ভাবে ঢকুৱাখনা সমজিলাত সমজিলা আয়ুক্ত হিচাবে নিযুক্তি পোৱা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া সংস্কৃতি ছুমানীয়ে এইক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিব বুলি ঘিলামৰাবাসী ৰাইজ আশাবাদী ।

ঘিলামৰা