পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত শিক্ষক-কৰ্মচাৰীৰ প্ৰতিবাদ

বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীয়ে হাতে-হাতে প্লে'কাৰ্ড লৈ পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰাৰ দাবী তুলা পৰিলক্ষিত হৈছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ঘিলধাৰীঃ  পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীয়ে কৰ্মবিৰতি পালন কৰে। ইপিনে বিদ্যালয়ৰ তোৰণৰ সন্মুখত ক’লা বেজ পৰিধান কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ 

WhatsApp Image 2025-11-27 at 1.36.30 PM

উল্লেখ্য যে, সংশ্লিষ্ট বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী সকলে হাতে-হাতে প্লে'কাৰ্ড লৈ পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰক,এক দেশ এক নীতি প্ৰৱৰ্তন কৰক,অৱসৰী জীৱন সুৰক্ষিত কৰক, কৰ্মচাৰী ভৱিষ্যত সুৰক্ষিত কৰক আদি বিভিন্ন  শ্ল’গানেৰে এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। 

WhatsApp Image 2025-11-27 at 1.37.19 PM

ঘিলাধাৰী