''আমাক ক্ষমা কৰি দিয়ক''- ঘিলামৰা কাণ্ডত জড়িত গঞাৰ আহ্বান...

"আমি আমাৰ অনাকাংক্ষিত কাৰ্যৰ বাবে অনুতপ্ত। আমাক ক্ষমা কৰি দিয়ক, ভৱিষ্যতে এনে কাৰ্য আৰু নহয়।"- ঘিলামৰা আৰক্ষী আৰু প্ৰশাসনলৈ কাতৰ আহ্বান ঘিলামৰাৰ এখন গাঁৱৰ ৰাইজৰ।

author-image
Asomiya Pratidin
New Update
''আমাক ক্ষমা কৰি দিয়ক''- ঘিলামৰা কাণ্ডত জড়িত গঞাৰ আহ্বান...

ডিজিটেল সংবাদ ঢকুৱাখনা: "আমি আমাৰ অনাকাংক্ষিত কাৰ্যৰ বাবে অনুতপ্ত। আমাক ক্ষমা কৰি দিয়ক, ভৱিষ্যতে এনে কাৰ্য আৰু নহয়।"- ঘিলামৰা আৰক্ষী আৰু ৰাজ্য প্ৰশাসনলৈ এই প্ৰত্যয়পূৰ্ণ কাতৰ আহ্বান ঘিলামৰাৰ এখন গাঁৱৰ ৰাইজৰ।

Advertisment

যোৱা ২জুলাইত ঘিলামৰা থানাৰ অন্তর্গত গা ডাঙৰচুক গাঁৱত সংঘটিত আৰক্ষীক একাংশ গঞাৰ দলবদ্ধ শাৰীৰিক আক্ৰমণৰ পাছত সোমবাৰে এই ৰাজহুৱা ক্ষমা প্ৰাৰ্থনাৰে আহ্বান গাঁওবাসীৰ । সোমবাৰে উক্ত ঘটনা সংঘটিত হোৱা মুৰং ঘৰতে গাঁওবাসীৰ  উদ্যোগত অনুষ্ঠিত কৰা হয় এক সংবাদমেল ।

গাঁওখনৰ গৰিষ্ঠ সংখ্যক মুনিহ তিৰোতা, জ্যেষ্ঠ নাগৰিক উপস্থিত থকা সংবাদমেলত ৰাইজৰ  হৈ উক্ত দিনৰ অনাকাংক্ষিত ঘটনাৰ বাবে ৰাজহুৱা ক্ষমা প্ৰাৰ্থনা বিচাৰে। সংবাদমেলত ৰাজহুৱাকৈ তেওঁলোকে মন্তব্য কৰি কয়, "উক্ত  অনাকাংক্ষিত ঘটনাৰ ভুক্তভোগী সমগ্ৰ গঞা সমাজ। যিহেতু আমি গাঁৱলীয়া সমাজত বাস কৰো,  যিকোনো সমস্যাৰ আমি ৰাজহুৱা আলোচনা মৰ্মে সমাধান কৰো।

এনে পৰম্পৰা চলি থকাৰ মাজতে উক্ত দিনাও এনে লক্ষৰে আগবাঢ়ি যাওঁতে অনাকাংক্ষিত ভাবে উক্ত ঘটনা সংঘটিত হৈ গ'ল । তাৰ বাবে সমূহ গাঁওবাসী ক্ষমা প্ৰাৰ্থী । আইন আৰু আৰক্ষী প্ৰশাসনক আমি সন্মান কৰো। আৰক্ষী আৰু আইনে আমাক প্রতি ক্ষেত্ৰতে সুৰক্ষা প্ৰদান কৰি আহিছে। 

সেয়ে আমি ঘিলামৰা আৰক্ষী প্ৰশাসনক কৰ জোৰে ক্ষমা প্ৰাৰ্থনা কৰো আৰু এনে ভুলৰ পুনৰাবৃত্তি নহয় বুলি প্ৰতিশ্ৰুতি দি ক্ষমা কৰি দিয়াৰ প্ৰাৰ্থনা জনাওঁ । এখন গাঁৱলীয়া সমাজৰ বাসিন্দা বুলি প্ৰশাসনে গাঁওবাসীক ক্ষমা কৰি দিয়াৰ লগতে যি ১২ গৰাকী চহা পৰিয়ালৰ ব্যক্তি ঘিলামৰা আৰক্ষী থানাত পঞ্জীভূত গোচৰ নং- ২১/২০২৫ ৰ জৰিয়তে ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ১৯১(২)/১২৬(২)/১৩২/১১৭(২)/১১৮(২) /৩৫১(২)/১০৯ ৰ অধীনত গ্ৰেপ্তাৰ হৈ লখিমপুৰ জিলা ন্যায়িক জিম্মাত দিন কটাইছে সেই ১২গৰাকী অভিযুক্তক শীঘ্ৰে মুকলি কৰি দিয়াৰ বাবেও  আইনগত প্ৰক্ৰিয়া গ্ৰহণৰ বাবে ৰাইজে সমজুৱা ভাবে আহ্বান জনায়।

উল্লেখযোগ্য যে যোৱা ২ জুলাইত ঘিলামৰা আৰক্ষী থানাৰ গা ডাঙৰচুকত ৰাইজে আবদ্ধ কৰি ৰখা এক পৰকীয়া প্রেমিক যুগল ক্ৰমে ঘিলামৰা থানাৰ অন্তৰ্গত বালিয়নী কুম্বাং গাঁৱৰ ভদ্ৰ কান্ত দলেৰ পত্নী নিজৰা দলেয়ে সমীপৰে মাজ পাতৃচুক গাঁৱৰ প্ৰণৱ দলেক উদ্ধাৰৰ বাবে যোৱা অৱস্থাত গণ প্ৰহাৰৰ বলি হৈছিল দুই আৰক্ষীৰ লগতে ৪জনীয়া আৰক্ষী দলটো । গণ প্ৰহাৰত আহত হৈছিল পৰকীয়া প্ৰেমিক যুগলো । ইতিমধ্যে এই সন্দৰ্ভত ঘিলামৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বকুল গগৈয়ে মুঠ ১২গৰাকী পুৰুষ মহিলাক তৎপৰতাৰে গ্ৰেপ্তাৰ কৰি ন্যায়িক হেফাজতলৈ প্ৰেৰণ কৰিছে আৰু অধিক অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ বাবে অভিযান চলাই আছে।

ঢকুৱাখনা ঘিলামৰা