ঘিলামৰা-গোগামুখ সংযোগী পথৰ ওপৰেদি বাগৰিল বাঢ়নি পানী...

ঘিলামৰা-গোগামুখ সংযোগী পথৰ ওপৰেদি বাগৰিল বাঢ়নি পানী...
Published on
Updated on

ডিজিটেল সংবাদ, ঘিলামৰাঃ ৰাজ্যত বান পৰিস্থিতি পূৰ্বতকৈ সুস্থিক হৈছে যদিও এতিয়াও কেইবাখনো জিলা বানৰ কবলত আছে। উজনিত জীয়াঢল, কুমতীয়া আৰু চামপৰা নদীৰ বাঢ়নী পানীয়ে ঘিলামৰাসহ সোৱণশিৰি ৰাজহ চক্ৰৰ অন্তৰ্গত অৰ্ধ শতাধিক গাঁও জলমগ্ন কৰাৰ লগতে শুকুৰবাৰৰ পৰা গোগামুখ- ঘিলামৰা সংযোগী ৰাজ্যিক লোকনিৰ্মাণ পথৰ চামপৰা দলঙৰ সমীপৰ দুটা অংশৰ ওপৰেৰে পানী বাগৰাৰ বাবে যাতায়ত আৰু যোগাযোগ কৰাৰ ক্ষেত্ৰত সকলোৱে সমস্যাৰ সন্মুখীন হৈছে।

ক্ৰমান্বয়ে বৃদ্ধি পাই থকা বাঢ়নী পানীয়ে পথৰ ওপৰেৰে তীব্ৰ গতিত বাগৰি পথটো খণ্ড বিখণ্ড কৰি পেলাইছে। বাঢ়নী পানীৰ ওপৰেৰে সৰু-বৰ যান-বাহন বিপদসংকুলভাৱে অহা-যোৱা কৰি আছে যদিও লোকনিৰ্মাণ বিভাগৰ তৰফৰ পৰা বিপদ সংকেত চিহ্নৰ ব্যৱস্থাও গ্ৰহণ কৰা নাই। পথটোৰ ওপৰেৰে পানী বাগৰি পথটোৰ মাটি খহাই থকাৰ পিছতো লোকনিৰ্মাণ বিভাগৰ তৰফৰ পৰা এই পৰ্যন্ত কোনো পদক্ষেপ লোৱা নাই।

ঘিলামৰা-গোগামুখ সংযোগী পথৰ ওপৰেদি বাগৰিল বাঢ়নি পানী...
চতিয়া আৰক্ষীয়ে খেদি খেদি ধৰিলে স্কৰপিঅ'লৈ অহা ৫ গৰু চোৰক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in