চকী লৰিল ৩ পঞ্চায়ত কৰ্মীৰঃ সুৰক্ষিত ঘিলামৰা ব্লকৰ পি এম ৱাই কেলেংকাৰীৰ নায়ক !

অৱশেষত ঘিলামৰা উন্নয়ন খণ্ডৰ বিলমুখ পঞ্চায়তৰ দুৰ্নীতি লুণ্ঠনত জড়িতসকলৰ একাংশৰ চকী লৰিল। একাংশ কৰ্মচাৰীৰ ওপৰত অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ।

author-image
Tushar Pratim
New Update
চকী লৰিল ৩ পঞ্চায়ত কৰ্মীৰঃ সুৰক্ষিত ঘিলামৰা ব্লকৰ পি এম ৱাই কেলেংকাৰীৰ নায়ক !

ডিজিটেল সংবাদ, ঢকুৱাখনা: অৱশেষত ঘিলামৰা উন্নয়ন খণ্ডৰ বিলমুখ পঞ্চায়তৰ দুৰ্নীতি লুণ্ঠনত জড়িতসকলৰ একাংশৰ চকী লৰিল । উন্নয়ন খণ্ডটোত গুজেই গজালি হৈ দৌৰাত্ম্য চলোৱা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন কৰ্মচাৰীসকলৰ দুৰ্নীতি অনিয়ম আৰু বিত্তীয় কেলেংকাৰী সন্দৰ্ভত "অসমীয়া প্ৰতিদিন ডিজিটেল"ত কেইবাটাও বাতৰি প্ৰকাশৰ পাছত একাংশ কৰ্মচাৰীৰ ওপৰত অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিছে লখিমপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোৰঞ্জন পায়েংয়ে । 

Advertisment

সংগৃহীত তথ্য মতে বাতৰি প্ৰকাশৰ পাছতে বিলমুখ পঞ্চায়তৰ গ্ৰামীণ ৰোজগাৰ সহায়ক লহৰ জ্যোতি পেগু,  জি পি চি অৰূপ খনিকৰ আৰু কম্পিউটাৰ সহায়ক দন্দেশ্বৰ ফুকনক তাৎক্ষণিক ভাৱে কাৰ্যকৰী হোৱাকৈ পঞ্চায়তখনৰ পৰা বদলি কৰা হৈছে । জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই এই বদলিৰ নিৰ্দেশ জাৰি কৰিছে । \

উল্লেখযোগ্য যে বিলমুখ গাঁও পঞ্চায়তৰ পি এম ৱাই (জি) আঁচনিৰ শিতানত আই ডি নম্বৰ- AS150827285 ৰ হিতাধিকাৰী বিপিন মিলি দম্পত্তিলৈ ২০২১-২০২২বিত্তীয় বর্ষত আবন্টন দিছিল এটা গৃহ। ২০২৫ বর্ষৰ ২৭ জানুৱাৰীত ৩২ হাজাৰ ৫০০ আৰু ৪ মাৰ্চত ৪৮ হাজাৰ ৭৫০ টকা মুঠ দুটা কিস্তিত গৃহ নিৰ্মাণৰ মূল পুঁজি হিতাধিকাৰীৰ একাউণ্টত সোমোৱাৰ বহু মাহৰ পূৰ্বে এই আই ডিৰ বিপৰীতে "ৱৰ্ক কোড" খুলি পঞ্চায়তখনৰ কোঁৱৰবাৰী গাঁৱৰ মেমদ টাইডৰ জবকাৰ্ড নম্বৰ ০০৪/১১৮ আৰু চন্দ্ৰপুৰ গাঁৱৰ লিখন পাতিৰৰ জবকাৰ্ড নম্বৰ ০০৪/৬৮-চিৰ জৰিয়তে প্ৰায় ২১ হাজাৰ ৬৯২ টকা উলিয়াই নিয়া হৈছিল ।

পঞ্চায়তখনৰ অৰ্থলোভী দুৰ্নীতি পৰায়ন চক্ৰটোৱে হিতাধিকাৰী দম্পত্তিৰ একাউন্টত পুঁজি সোমোৱাৰ বহু মাহ পূৰ্বেই অৰ্থাৎ ২০২৪ চনৰ ১৩ এপ্ৰিল মাহৰ পৰা অক্টোবৰ মাহ পৰ্যন্ত ৮৮ দিন  কামত উপস্থিতি ভুৱা তথ্য দাখিল কৰি জবকাৰ্ডৰ ডিমাণ্ড দি, বিল বনাই এই বিশাল পুঁজি হৰলুকী কৰিছিল। অসমীয়া প্ৰতিদিন ডিজিটেলৰ অনুসন্ধানত উন্মোচিত এই মুকলি লুণ্ঠন আৰু  চৰকাৰী পুঁজি হৰলুকী ঘটনাই প্ৰবল প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটাইছিল ঘিলামৰাত।

লক্ষণীয় দিশ হ'ল এই ক্ষেত্ৰত প্ৰত্যক্ষ ভাবে জড়িত হৈছিল খণ্ড উন্নয়ন বিষয়া জিম্পি শইকীয়া, বিতৰ্কিত ভাৰপ্ৰাপ্ত সচিব ধৰ্মেন্দ্ৰ দলে, এক্ৰিদিয়েটেড ইঞ্জিনীয়াৰ, তদানীন্তন গাণনিক আদি । কাৰণ এইসকল বিষয়া কৰ্মচাৰীৰ জৰিয়তে জবকাৰ্ডৰ ডিমাণ্ড দিয়া, কামৰ মাষ্টাৰ ৰোল প্ৰস্তুত কৰা, নিখুঁত পৰ্যবেক্ষণ কৰাৰ অন্তত দুটা স্তৰত এফ টি অ' মৰা হয় ।

এই ক্ষেত্ৰত প্ৰধান ভূমিকা থাকে সচিবগৰাকীৰ । কিন্তু তিনি গৰাকী নিম্ন বৰ্গৰ কৰ্মচাৰীক বদলি কৰা হ'ল যদিও দুৰ্নীতিৰ প্ৰধান নায়ক ,ভাৰপ্ৰাপ্ত সচিব ধৰ্মেন্দ্ৰ পেগুৰ প্ৰতি নৰম ভূমিকা ললে কাৰ্যবাহী বিষয়াই । ইয়াৰ প্ৰকৃত ৰহস্য পৰৱৰ্তী সময়ত ফাদিল হব ।

ইপিনে নীতি বৰ্হিভূত প্ৰক্ৰিয়াৰে জবকাৰ্ড সংগ্ৰহ কৰি, ডিমাণ্ড দি, শ্ৰমিকৰ পুঁজি কৌশলেৰে উলিয়াই নিয়াত অন্যতম মুখ্য ভূমিকা পালন কৰা বি ডি অকে প্ৰমুখ্য কৰি এইসকল বিষয়া কৰ্মচাৰীৰ প্ৰতি কোনো অনুশাসনমূলক পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই জিলা আয়ুক্ত, মুখ্য কাৰ্যবাহী বিষয়া আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সঞ্চালকেও । দুৰ্নীতিগ্ৰস্তক ৰক্ষণাবেক্ষণ দিয়া এনেবোৰ পক্ষৰ পক্ষপাতী আচৰণৰ পৰিণতিত এগৰাকী নিঃস্ব হিতাধিকাৰীৰ প্ৰাপ্য পুঁজি অজ্ঞাত জবকাৰ্ডৰ গৰাকীৰ নামত উলিয়াই দি ভয়ংকৰ বিত্তীয় অনিয়ম সংঘটিত কৰা এইসকল দুৰ্নীতিগ্ৰস্তই এতিয়াও উন্নয়ন খণ্ডটোত দপদপাই আছে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি বিৰোধী কঠোৰ সকীয়নীলৈ কেৰেপ নকৰা এনেবোৰ দাম্ভিক বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে নিৰপেক্ষ উচ্চ পৰ্যায়ৰ তদন্ত কৰাটো জৰুৰী হৈ ধৰা দিছে ঘিলামৰাবাসীৰ মাজত। ঘিলামৰা উন্নয়ন খণ্ডৰ মূৰৰ পৰা ছানি ধৰা বিত্তীয় অনিয়মৰ প্ৰকৃত নায়কসকলক ৰক্ষণাবেক্ষণ দি নিম্নস্তৰৰ তিনি কৰ্মচাৰীক বদলি কৰি দায়িত্ব সামৰি ,সমস্ত বিত্তীয় অনিয়ম গাপ দিযাৰ অপচেষ্টা নকৰিবলৈ ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, জিলা আয়ুক্ত , মুখ্য কাৰ্যবাহী বিষয়া সকলোকে সকীয়াই দিছে ঘিলামৰাবাসী ৰাইজ সংগঠনে। 

ঢকুৱাখনা ঘিলামৰা