ঘিলামৰা উন্নয়ন খণ্ডত শ্ৰমিকৰ পুঁজি কেলেংকাৰী...

প্ৰধান মন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত আই ডি নম্বৰ-  AS150827285 ৰ হিতাধিকাৰী বিপিন মিলি দম্পত্তিলৈ ২০২১-২০২২বিত্তীয় বর্ষত আবন্টন হৈছিল পুঁজি ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
1

ডিজিটেল সংবাদ, ঢকুৱাখনা : গ্ৰাম্য দৰিদ্ৰ হিতাধিকাৰীৰ বিপৰীতে আবন্তিত এটকা পুঁজিও কোনোৱে আত্মহাত কৰিব নোৱাৰিব। এয়া আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চৰকাৰী পুঁজিৰ অপচয় ৰোধৰ এয়া আছিল এক কঠোৰ সতৰ্কবাণী। পিছে মুখ্যমন্ত্ৰীৰ এই সকীয়নীলৈ কেৰেপ নকৰি "চেলেঞ্জ" দিয়া গ্ৰামোন্নয়ন বিষয়া কৰ্মচাৰী আছে ঢকুৱাখনা সমজিলাত।

Advertisment

মুখ্যমন্ত্ৰী গৰাকীৰ ঘোষণা পদপিষ্ট কৰি অনিয়ম দুৰ্নীতিৰ মুকলি বেহা পতা ঢকুৱাখনা সমজিলাৰ ঘিলামৰা উন্নয়ন খণ্ডৰ একাংশ  গ্ৰামোন্নয়ন বিষয়া কৰ্মচাৰীৰ বাবে এতিয়া গ্ৰাম্য হিতাধিকাৰীৰ পুঁজি মাত্ৰেই খিৰতী গাই । য'ত অনিয়ম অনীতিৰে চৰকাৰী পুঁজিৰ বৰভোজ চলে ।

উপলব্ধ তথ্য মতে ঘিলামৰা উন্নয়ন খণ্ডৰ বিলমুখ গাঁও পঞ্চায়তৰ  অন্তৰ্গত এগৰাকী দৰিদ্ৰ হিতাধিকাৰীৰ নামত আবন্টন হৈছিল এটা চৰকাৰী আৱাস গৃহ। প্ৰধান মন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত আই ডি নম্বৰ-  AS150827285 ৰ হিতাধিকাৰী বিপিন মিলি দম্পত্তিলৈ ২০২১-২০২২বিত্তীয় বর্ষত আবন্টন হৈছিল পুঁজি ।

সেই অনুক্ৰমে ২০২৫ বর্ষৰ ২৭ জানুৱাৰীত ৩২হাজাৰ ৫০০ আৰু ৪ মাৰ্চত ৪৮ হাজাৰ ৭৫০ টকা মুঠ দুটা কিস্তিত গৃহ নিৰ্মাণৰ মূল পুঁজি হিতাধিকাৰীৰ একাউণ্টত সোমাল। বিধিগত ভাবে গৃহৰ প্রাৰম্ভিক কাম সম্পন্ন কৰাৰ পাছত তথ্য ওলাল এইটো আই ডিৰ বিপৰীতে জবকাৰ্ডৰ জৰিয়তে শ্রমিকৰ প্ৰাপ্য পুঁজি উদৰস্থ কৰা হ'ল কেতিয়াবাই। 

সংগৃহীত তথ্যত পোহৰলৈ আহিল ২০২৪ চনৰ ১৩ এপ্ৰিল মাহৰ পৰা অক্টোবৰ মাহ পৰ্যন্ত ৮৮ দিন  কামত উপস্থিতি দেখুৱাই বিভাগৰ পৰা উলিয়াই দিয়া হ'ল প্ৰায় ২১ হাজাৰ ৬৯২ টকা। এই কাৰ্যত ব্যৱহাৰ কৰা হৈছিল পঞ্চায়তখনৰ কোঁৱৰবাৰী গাওঁৰ মেমদ টাইডৰ জবকাৰ্ড নম্বৰ ০০৪/১১৮ আৰু চন্দ্ৰপুৰ গাঁওৰ লিখন পাতিৰৰ জবকাৰ্ড নম্বৰ ০০৪/৬৮-চি ।

হিতাধিকাৰীৰ নিজা জবকাৰ্ডৰ ব্যৱহাৰ নকৰি গাঁওৰ বাহিৰৰ অন্য দুখন গাঁওৰ এই দুখন জবকাৰ্ড সংগ্ৰহ কৰি ইয়াৰ বিপৰীতে মাষ্টাৰ ৰোল ক্ৰমে ২৩৮০, ৩৩৫৬ আৰু ১১৩৬৭, ৩৩৯,১৩৫৯ ,৩৩৯, ১৩৫৯ ৰ জৰিয়তে সমুদায় পুঁজি সৰকাই নিয়া হ'ল। তাৎপৰ্যপূৰ্ণ দিশ হল বিপিন মিলি দম্পত্তিৰ বিপৰীতে আবন্তিত এই গৃহ নিৰ্মাণৰ পুঁজি লাভৰ বহু মাহ পূৰ্বেই এই ২১ হাজাৰৰ অধিক পুঁজি বক্ৰপথেৰে জবকাৰ্ডৰ জৰিয়তে উলিয়াই নিয়া হ'ল।

 এইক্ষেত্ৰত সাঙোৰ খাইছে বিতৰ্কিত পঞ্চায়ত সচিব ধৰ্মেন্দ্ৰ পেগু, গ্ৰামীণ ৰজগাৰ সহায়ক লহৰ জ্যোতি পেগু, এক্ৰীডিয়েটেড ইঞ্জিনীয়াৰ, একাউটেণ্ট আৰু খণ্ড উন্নয়ন বিষয়া। এইসকলৰ প্ৰত্যক্ষ আৰু জ্ঞাত সাৰে সমূদায় জবকাৰ্ডৰ পুঁজি বিভাগৰ পৰা উলিয়াই দিয়া হ'ল। কিন্তু পঞ্চায়তৰ নীতি নিৰ্দেশনা পদপিষ্ট কৰি কিহৰ স্বাৰ্থত এই চৰকাৰী পুঁজি অন্য জবকাৰ্ডলৈ এফ টি অ' মাৰি দিলে খণ্ড উন্নয়ন বিষয়া জিম্পি শইকীয়াই ।

কাৰ শ্ৰুতলিপি আৰু কাৰ অভীষ্ট সিদ্ধি হবলৈ এই পুঁজি মোকলাই দিয়া হ'ল সেয়া এক লাখ টকীয়া প্ৰশ্ন। নিজকে বিধায়ক নৱ দলেৰ ঘনিষ্ঠ বুলি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয়ত দম্ভালি মাৰি,যিকোনো বিষয়া কৰ্মচাৰীক বদলি কৰি দিয়াৰ আস্ফালন কৰি অহা সচিবজনৰ পৃষ্ঠপোষকতাত যে এয়া সংঘটিত হৈছে সেয়া নিশ্চিত। খণ্ডটোত উঠি ৰজা বহি ৰজা হোৱা এইজন কৰ্মচাৰীক লেকাম লগাবলৈ কিয় শক্তিহীন খণ্ড উন্নয়ন বিষয়া?

গ্ৰামোন্নয়নৰ পুঁজিত কেলেংকাৰী সৃষ্টি কৰা সচিব পেগু সহ অন্য সকল জড়িতৰ বিৰুদ্ধে তদন্ত কৰিবলৈ সাহস হবনে লখিমপুৰ জিলা আয়ুক্ত, ঢকুৱাখনা সমজিলা আয়ুক্ত আৰু লখিমপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ? নে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি বিৰোধী কঠোৰ সকীয়নীক এইসকল উন্নয়ন খণ্ডৰ বিষয়া কৰ্মচাৰীয়ে ধোঁৱা চাঙত তোলা ভয়ংকৰ দুষ্কাৰ্যত জিলাখনৰ শীর্ষ আমোলা সকলেও জনাব  মুকলি সহযোগিতা !

নিৰপেক্ষ তদন্ত হলে প্ৰকৃত সত্য পোহৰলৈ আহিব। উল্লেখযোগ্য যে এইজন বিতৰ্কিত সচিৱে পি এম ৱাই আঁচনিৰ একেটা সম্পূৰ্ণৰূপে নিৰ্মাণ হোৱা চৰকাৰী ঘৰকে বিভিন্ন কোণৰ পৰা ফটো লৈ একাধিক হিতাধিকাৰীৰ ঘৰ সম্পূৰ্ণ হোৱাৰ ভুৱা তথ্যৰে গ্ৰামোন্নয়ন বিভাগক জীয়া ফাঁকি দিয়াৰো গুৰুতৰ অভিযোগ উথাপিত হৈছে। পৰৱৰ্তী সময়ত এই দুষ্কাৰ্য উন্মোচিত হ'ব।

ঘিলামৰা