/asomiyapratidin/media/media_files/2025/03/29/8vHzRiI4IjhzUKqHoLPX.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: আদৰ্শ বিদ্যালয় সংগঠন অসমৰ নীতি নিৰ্দেশনালৈ কেৰেপ নকৰা এগৰাকী অধ্যক্ষৰ মইমতালিযে চূড়ান্ত সীমা অতিক্ৰম কৰিছে লখিমপুৰ জিলাত । জিলাখনৰ ঢকুৱাখনা সমজিলাৰ ঘিলামৰা সদৰত প্ৰতিষ্ঠা কৰা ইংৰাজী মাধ্যমৰ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ(চি বি এছ ই)ৰ অন্তৰ্গত এইখন আদৰ্শ বিদ্যালয়ত এতিয়া অধ্যক্ষ লক্ষ্য জ্যোতি হাজৰিকাৰ ইচ্ছাই আইন হৈছে । প্ৰায় ডেৰশ শিক্ষাৰ্থী বিশিষ্ট এইখন আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ হাজৰিকাৰ আদৰ্শহীন কর্মকাণ্ডত অতিষ্ঠ হৈছে শিক্ষাসদী ৰাইজ ।
মধ্যাহ্ন ভোজনৰ বিপৰীতে আবন্তিত পুঁজিৰে ফাৰ্নিচাৰ দোকান , নিজৰ লগতে অন্য ব্যক্তিৰ ব্যক্তিগত একাউণ্ট গৰম কৰা এইজন অবিবেচকী অধ্যক্ষই শেহতীয়াকৈ বিদ্যালয়ৰ নামভৰ্তি প্ৰক্ৰিয়া বন্ধ কৰি শিক্ষাৰ্থীকলৈ শৈক্ষিক ভ্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে । সংগৃহীত তথ্য মতে অধ্যক্ষ হাজৰিকাৰ নিৰ্দেশনা মতে শনিবাৰে বিদ্যালয়ৰ গেটত তলা ওলমাই ৭গৰাকী শিক্ষক কৰ্মচাৰী ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ শিক্ষাৰ্থী সকলক লৈ শৈক্ষিক ভ্ৰমণত যায় ।
একাংশ অভিভাবকে জনোৱা মতে পুৱাই বিদ্যালয়ত উপস্থিত হৈ শিক্ষক কৰ্মচাৰী সকলে উপস্থিতিৰ বহীত স্বাক্ষৰ কৰি পুনৰ গেটত তলা ওলমাই নাৰায়নপুৰলৈ ৰাওনা হয় । পৰিণতিত বিদ্যালয়লৈ প্ৰথম আৰু ষষ্ঠ শ্ৰেণীত নাম ভৰ্ত্তিৰ বাবে প্ৰপত্ৰ সংগ্ৰহ কৰি নামভৰ্তি কৰিবলৈ কৰ্মসময়ত বিদ্যালয়খনলৈ অহা বহু সংখ্যক অভিভাৱক আৰু শিক্ষাৰ্থী বিমুখ হৈ ঘৰলৈ উভতি যাব লগা পৰিস্থিতিৰ উদ্ভৱ হয় । আনকি বিদ্যালয় পলমকৈ হলেও খোলাৰ আশাত বিয়লি পৰ্যন্ত অপেক্ষা কৰা গৰিষ্ঠ সংখ্যক অভিভাৱক বিমুখ হৈ ঘৰমুৱা হোৱা পৰিলক্ষিত হয় ।
"অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ সন্মুখত বিদ্যালয়খনৰ এনে দায়িত্বহীন পদক্ষেপ আৰু অধ্যক্ষ গৰাকীৰ দুৰ্নীতিগ্ৰস্ততাৰ বাতৰি শুক্ৰবাৰে ফাদিল হোৱাত এনে বিদ্যালয়ত নামভৰ্তি নকৰাৰো সিদ্ধান্ত লৈ উভতি যোৱা দৃষ্টিগোচৰ হয় । তাৎপৰ্যপূৰ্ণ দিশ হল বিদ্যালয়খনৰ অধ্যক্ষৰ নিৰ্দেশত দুগৰাকীমান শিক্ষয়িত্ৰীযে এই শৈক্ষিক যাত্রা কাৰ্যসূচীত আগভাগ লৈ আগ্ৰহী প্ৰতিগৰাকী শিক্ষাৰ্থীৰ পৰা ৫০০ টকাকৈ পুঁজি সংগ্ৰহ কৰিছিল ।
এনেদৰে শিক্ষাৰ্থী সকলৰ পৰা সংগৃহীত পুঁজিৰে মুঠ ৪১ গৰাকী শিক্ষাৰ্থী সহ ৪গৰাকী শিক্ষয়িত্ৰী আৰু দুগৰাকী নিম্নবৰ্গৰ কৰ্মচাৰী উক্ত ভ্ৰমণত যায় । কেৱল সেয়ে নহয় আদৰ্শ বিদ্যালয়খনৰ মধ্যাহ্ন ভোজনৰ শিতানত সংঘটিত বিয়াগোম বিত্তীয় কেলেংকাৰী শুক্ৰবাৰে "অসমীয়া প্ৰতিদিন ডিজিটেল "ফাদিল কৰাৰ পাছত এইবাৰ বিদ্যালয়খনৰ একাংশ অভিভাৱকৰ মুখেৰে উচ্চাৰিত হৈছে ক্ৰীড়া সামগ্ৰী ক্ৰয়ৰ অন্য এক বিত্তীয় অনিয়মৰ অভিযোগ ।
শনিবাৰে সংবাদ মাধ্যমৰ আগত একাংশ অভিভাৱকে অভিযোগ কৰা মতে ৰাজ্যৰ সমগ্ৰ শিক্ষা বিভাগৰ পৰা বিদ্যালয়খনলৈ খেলৰ সামগ্ৰী ক্ৰয়ৰ ২৫ হাজাৰ টকা আবন্টন হৈছিল বুলি জনা গৈছিল । উক্ত পুঁজিৰে বিদ্যালয়ত উপলব্ধ নোহোৱা খেলৰ সামগ্রী ক্ৰয় কৰাৰ সপক্ষে মত দিছিল অধ্যক্ষই । কিন্তু বিদ্যালয়ৰ বাৰ্ষিক খেল প্ৰতিযোগিতা অনুষ্ঠিত হোৱৰ সময়ত এটাও নতুন খেল সামগ্ৰী উপলব্ধ নহল ।
বিপৰীতে বিদ্যালয়লৈ আবন্তিত পুঁজিৰে কেৰম বৰ্ড , ৰেকেট , ডবা আদি খেল সামগ্রী ক্ৰয় কৰাৰ বিনিময়ত প্ৰায় ২৫হাজাৰ টকা ব্যয় কৰা হৈছে । উক্ত চৰকাৰী পুঁজি এটা বিশেষ ফাৰ্মৰ বিপৰীতে আবন্টন দিয়াৰ পাছতো বিদ্যালয়ত অদ্যপি উপলব্ধ আৰু মজুত নহল উক্ত খেল সামগ্ৰী বুলি জানিবলৈ দিলে ।
ঘিলামৰাৰ শৈক্ষিক ক্ষেত্ৰখনত অত্যাধুনিক সা সুবিধা বিশিষ্ট এক উন্নত মানদণ্ডৰ শৈক্ষিক প্ৰতিষ্ঠান আৰু গুণগত শিক্ষাৰ এক সমুজ্জল নক্ষত্ৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা থকা আদৰ্শ বিদ্যালয়খনৰ অভ্যন্তৰত সংঘটিত এনেবোৰ অনিয়মক লৈ ক্ষুণ্ণ ৰাইজ সংগঠন । ঘিলামৰাবাসীৰ অন্যতম শৈক্ষিক সম্পদ স্বৰূপ বিদ্যালয়খনক সীমাহীন বিত্তীয় অনিয়মৰ ভূস্বৰ্গ কৰি তোলা অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে উথাপিত হৈছে অন্য এক গুৰুতৰ অভিযোগ । পৰৱৰ্তী সময়ত উন্মোচিত হব এই বিশেষ দুষ্কাৰ্য ।