ঘিলামৰাৰ প্ৰবীণ শিক্ষাবিদ ঘনশ্যাম গগৈৰ বিয়োগ

ঘিলামৰাৰ প্ৰবীণ শিক্ষাবিদ ঘনশ্যাম গগৈৰ বিয়োগ

author-image
Asomiya Pratidin
New Update
ঘিলামৰাৰ প্ৰবীণ শিক্ষাবিদ ঘনশ্যাম গগৈৰ বিয়োগ

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঘিলামৰাৰ প্ৰবীণ শিক্ষাবিদ ঘনশ্যাম গগৈৰ বিয়োগ । গগৈ ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি , ঘিলামৰা থানা গাঁও ৰক্ষী বাহিনীৰ প্ৰাক্তন সভাপতি , শ্ৰী মন্ত শংকৰদেৱ সংঘৰ মাছখোৱা আঞ্চলিকৰ একনিষ্ঠ সেৱক , ঘিলামৰা সদৰৰ কান্ত খনিকৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত সহকাৰী শিক্ষক আছিল। সোমবাৰে পুৱা ৫-৪৫ বজাত গগৈ স্বৰ্গগামী হয়। ঢকুৱাখনা মহকুমাৰ শৈক্ষিক ক্ষেত্ৰখনত নিজস্ব শিক্ষণ আৰু শিকণ শৈলীৰ বাবে সুকীয়া মৰ্যদা আৰ্জিবলৈ সক্ষম হোৱা ধৰ্ম প্ৰাণ ব্যক্তি গগৈ কিছুদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল । 

Advertisment

সোমবাৰে  পুৱাই চিকিৎসা প্ৰদান কৰিবলৈ ডিব্ৰুগড়লৈ নিয়া  অৱস্থাতে  প্ৰবীণ শিক্ষাবিদ গৰাকীয়ে  ডিব্ৰুগড়ত শেষ নিশ্বাস ত্যাগ কৰে । পত্নী হেম প্ৰভা ভঁৰালী গগৈ,২ পুত্ৰ , এগৰাকী কন্যা আৰু অগণন ইষ্ট কুটুম্বক ইস সংসাৰত এৰি যোৱা গগৈৰ বিয়োগত শোকৰ বন্যা প্ৰবাহিত হৈছে  গৃহভূমি ঘিলামৰাৰ লগতে ঢকুৱাখনা মহকুমাত। 

ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদক সবল নেতৃত্ব প্ৰদান কৰি নব্য গতিশীলতা আনিবলৈ সক্ষম হোৱা ১ নং ঘিলামৰা গাঁও নিবাসী  প্ৰাক্তন সভাপতি গৰাকীৰ বিয়োগত ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অতুল চুতীয়া , সম্পাদক সুনীল দত্ত , ঘিলামৰা থানা গাঁওৰক্ষী বাহিনীৰ উপ সভাপতি ভাস্কৰ শইকীয়া ,  ঘিলামৰা আৰক্ষী থানা পৰিয়াল আদিয়ে গভীৰ শোক প্ৰকাশেৰে বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপণ কৰিছে ।

assam dead