o2 film
o2 film

'O2' ফিচাৰ ফিল্মৰ দেশ-বিদেশত একাধিক বটাঁ লাভ...

টেগুৰ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত প্ৰকৃতি/পৰিৱেশ/বন্যপ্ৰাণী বোলছবিৰ শাখাত 'আউছষ্টেণ্ডিং এছিভমেণ্ট এৱাৰ্ড' পাবলৈ সক্ষম

ডিজিটেল সংবাদ, জোনাইঃ পৰিৱেশ সুৰক্ষাৰ বিষয়লৈ দেশৰ ৰাজধানী দিল্লীৰ বায়ু- প্ৰদূষণৰ ওপৰত আধাৰিত 'O2' ফিচাৰ ফিল্মখন দেশ-বিদেশত একাধিক বটাঁ লাভ কৰি অসমৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

লখিমপুৰৰ জীয়ৰী বৰ্তমান দিল্লী নিবাসী ভৱানী দলে টাহুৱে পৰিচালনা কৰা 'O2' ফিচাৰ ফিল্মখন জাৰ্মানীৰ বাৰ্লিনত অনুষ্ঠিত হোৱা 'বাৰ্লিন ইন্দি ফিল্ম ফেষ্টিভেল-২০২২ ত 'শ্ৰেষ্ঠ সেউজ আৰু পাৰিপাৰ্শ্বিক ফিল্ম' (বেষ্ট গ্ৰীণ আৰু এণ্ডভাইৰ’নমেণ্ট) পুৰস্কাৰ লাভ কৰে।

তাৰোপৰি ৩১ আগষ্ট, ২০২২ চনত পুনেত অনুষ্ঠিত 'গ্ৰেট মেছেজ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত' উক্ত চিনেমা খনৰ কাহিনী লেখিকা ভৱানী দলে টাহু আৰু সহকাৰী লেখক বিশ্বজিত টাহুৱে 'শ্ৰেষ্ঠ লেখক'ৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।

অন্যহাতে টেগুৰ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত প্ৰকৃতি/পৰিৱেশ/বন্যপ্ৰাণী বোলছবিৰ শাখাত 'আউছষ্টেণ্ডিং এছিভমেণ্ট এৱাৰ্ড' বুটলিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে 'O2' ফিচাৰ ফিল্মখনৰ প্ৰযোজক ভৱানী দলে টাহু আৰু নাম্পো দলে পেগু। গীতিকাৰ ধৰণী টাৱ, নিশিত ৰাজখোৱা আৰু হৰেন দলেৰ কেইবাটাও গীতত কণ্ঠদান কৰিছে ধৰণী টাৱ, প্ৰিন্স টাৱ আৰু ৰোজী দলে পেগুৱে। চিত্ৰগ্ৰহণ আৰু সম্পাদনা কৰিছে ভাস্কৰজ্যোতি দলেয়ে।

পৰিৱেশধৰ্মী ছবি খনত জোনাইৰ অগ্ৰণী পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠীৰ 'ছেভ পবা ৰেইন ফৰেষ্ট, নতুন দিল্লীৰ 'চিষ্টাৰ্ছ ফাউণ্ডেচন' আৰু iamgurgaon নামৰ এন জি অ' তিনিটাৰ বিশেষ ভূমিকা পালন কৰিছে। ছবি খনৰ ৮০ শতাংশ দৃশ্যগ্ৰহণ দিল্লীত কৰাৰ বিপৰীতে ২০ শতাংশ অসমৰ বিভিন্ন লোকেচনৰ লগতে জোনাইৰ বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চল আদিত কৰা হৈছে।

অহা দুই ডিচেম্বৰত ৰাষ্ট্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ দিৱসত OTT প্লেটফৰ্মত মুক্তি পাব লগা ছবি খনত বিশ্বজিৎ টাহু, আনেং দলে, লক্ষী দলে, ৰীতা টাইদ কুণ্ডু, গৌৰী শইকীয়া, সিদ্ধাৰ্থ ৰয়, ৰুমা দলে, ফুলেমা দলে, স্বৰূপ কাৰচাং টাহু, ৰোজী দলে পেগু, ৰঞ্জিত পাটিৰ, থয়ন পেগু, পুন্নিউম পূৰৱী পেগু, থিয়ন পেগু, মনালিছা দলে, ব্ৰিষ্টিনা পেগু, তুলসী নাৰায়ণ টায়ে, ইন্দ্ৰপ্ৰকাশ দলে, সুনীল টায়ে, নীৰজ চৌধুৰী, পদ্মিনী বৰপূজাৰী, চানী শেঠ, ভাৰতী শেঠ, তিয়ানা শেঠ, সুভাম কুমাৰ, ৰয়েল পেগু, পিংকু ঙাতে, সুৰভি আনন্দ ৰয়, নাৰায়ণ বৰা, নাম্পো দলে পেগু, গৌৰৱ কুণ্ডু, চালমা বেগম, কৃষ্ণ কুমাৰ এণ্টিল, মনু কুমাৰ এণ্টিল, ইন্দ্ৰজিত পেগু, বীৰেন্দ্ৰ দলে আদিয়ে অভিনয় কৰিছে।

ছবি খনৰ সকলো কলা-কুশলী অ-পেছাদাৰী, আৰু বিভিন্ন ক্ষেত্ৰত কৰ্মৰত। প্ৰযোজক নাম্পো দলে পেগু হৈছে দিয়াজিঅ' কোম্পানীৰ এগৰাকী জেষ্ঠ গ্ৰাহক বিপণন মেনেজাৰ।

মুখ্য চৰিত্ৰত অভিনয় কৰা বিশ্বজিৎ টাহু দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত হিন্দু মহাবিদ্যালয়ৰ গণিত বিভাগৰ এজন সহকাৰী অধ্যাপক। ৰোজী দলে পেগু ভাৰতীয় ষ্টেট বেংকৰ বেংক মেনেজাৰ, ৰীতা কুণ্ডু এগৰাকী পি এইচ ডি , আনেং দলে এগৰাকী প্ৰাক্তন এয়াৰ হোষ্টেছ (এয়াৰ ইণ্ডিয়া), লক্ষী দলে এজন ব্যৱসায়ী, ছানী শেঠ আৰু ভাৰতী শেঠ সহকাৰী অধ্যাপক (গণিত), সিদ্ধাৰ্থ ৰয় আৰু সুৰভী আনন্দ ৰয় স্থপতিবিদ, নিৰজ চৌধুৰী ইঞ্জিনিয়াৰ ।

চলচ্চিত্ৰখনৰ পৰিচালক ভৱানী দলে টাহুৱে জানিব লৈ দিয়া মতে সকলো কলা-কুশলীয়ে স্বেচ্ছাই অভিনয় কৰিছে।

পৰিৱেশবিদ তথা অৱসৰপ্ৰাপ্ত শিক্ষক দঞিয়ে অসমৰ পৰা দেশৰ ৰাজধানী নতুন দিল্লীত তেওঁৰ পুত্ৰ - কন্যাৰ পৰিয়ালৰ সৈতে শান্তিপূৰ্ণভাৱে বাস কৰিবলৈ আহি ঘটনাক্ৰমে বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰ দিল্লীত প্ৰদূষণ নিয়ন্ত্ৰণ অভিযানত জড়িত হৈ পৰে।

কিন্তু প্ৰথমতে পুত্ৰই তেওঁৰ এই কামত সমৰ্থন কৰা নাছিল। অৱশেষত পৰিৱেশৰ সৈতে একাত্ম হৈ মানুহে জীৱন যাপন কৰিব লাগে তাক এদিন অনুধাৱন কৰিবলৈ সক্ষম হয়- এয়াই ছবিখনৰ মূল কাহিনী।

ছবিখনৰ শ্বুটিঙৰ সময়ত সন্মুখীন হোৱা অভিজ্ঞতা সন্দৰ্ভত পৰিচালক ভৱানী দলে টাহুৱে কয়- এইটো মোৰ জীৱনকালত সম্পন্ন কৰা আটাইতকৈ কঠিন কাম আৰু আটাইতকৈ কঠিন প্ৰত্যাহ্বান আছিল। ছবিখনক ক'ভিড -১৯ৰ দ্বিতীয় ঢৌ চলি থকা সময়ত দৃশ্যগ্ৰহণ কৰা হৈছিল।

শ্বুটিঙৰ সময়ত ক'ভিড নিয়ম মানিব লগা হৈছিল। দিল্লীত চলচ্চিত্ৰখনৰ ৮০ শতাংশ দৃশ্যগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছত মোৰ দুই বছৰীয়া ছোৱালীজনী এক বিৰল ৰোগত আক্ৰান্ত হৈছিল আৰু তাইৰ নতুন দিল্লীৰ শালিমাৰ বাগৰ মেক্স চিকিৎসালয়ত দুটা ডাঙৰ অস্ত্ৰোপচাৰ কৰোৱাব লগা হৈছিল।

অস্ত্ৰোপচাৰৰ সফলতাৰ পিছত মই সন্মুখীন হোৱা আন এটা প্ৰত্যাহ্বান হ'ল নতুন দিল্লীত প্ৰথম অমিক্ৰ’ন কেছ ধৰা পৰা। সামাজিক দূৰত্বৰ নিয়ম আৰু মোৰ ব্যক্তিগত সমস্যাৰ বাবে আমি ৰিহাৰ্চেলৰ বাবে সঘনাই লগ পাব পৰা নাছিলো। সেয়েহে, কলা-কুশলী সকলৰ বাবে গুগল মিট, আৰু অনলাইন ৰিহাৰ্চেল প্ৰ'গ্ৰাম পৰিচালনা কৰিছিলো। মোৰ ছোৱালীৰ অসুস্থতাৰ বাবে মই কিছুমান আউটডৰ শ্বুটিঙত উপস্থিত থাকিব নোৱাৰিলোঁ। সেয়েহে, মই কিছুমান দৃশ্যৰ বাবে ঘৰৰ পৰা অনলাইন নিৰ্দেশনা কৰিছিলো।

তেনে পৰিস্থিতিত মা-দেউতা আৰু চিত্ৰগ্ৰহণকাৰী ভাস্কৰজ্যোতি দলেয়ে মোক যথেষ্ট সহায় কৰিছিল। তেওঁলোকৰ সহযোগিতাৰ অবিহনে মই এই চিনেমাখন সম্পূৰ্ণ কৰিব নোৱাৰিলোহেতেন।

চিনেমাখন নিৰ্মাণ কৰিবলৈ অনুপ্ৰাণিত হোৱা সন্দৰ্ভত পৰিচালক ভৱানী দলে টাহুৱে কয়- মই মোৰ শৈশৱটো অসমৰ এখন সৰু ঠাই জোনাইত অতিবাহিত কৰিছিলো। মোৰ শৈশৱকালত আমি গোটেই বছৰটো কম্বল লৈছিলো। প্ৰথমবাৰৰ বাবে মই ২০১১ চনত নতুন দিল্লীলৈ অহাৰ পিছত মোৰ জীৱনকালত এ চি ব্যৱহাৰ কৰিছিলো।

মই নতুন দিল্লীত ১০ বছৰ অতিবাহিত কৰিছো। মই অসম আৰু দিল্লীৰ মাজৰ পৰিৱেশৰ তাৰতম্যক অনুভৱ কৰিছো। এতিয়া নতুন দিল্লীক বিশ্বৰ আটাইতকৈ প্ৰদূষিত ৰাজধানী হিচাপে গণ্য কৰা হয়। কিন্তু দিল্লীৰ বেছিভাগ লোক এই সত্যটোৰ বিষয়ে অজ্ঞাত।

এই চলচ্চিত্ৰখন দিল্লীত বৰ্ধিত প্ৰদূষণৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ নিৰ্মাণ কৰা হৈছে। ভৱানী দলে টাহু উত্তৰ লখিমপুৰৰ নিবাসী ভূমি ৰঞ্জন দলে আৰু কমলা কান্তি দলেৰ দ্বিতীয় কন্যা। তেখেত স্বামী আৰু দুই সন্তানৰ সৈতে নতুন দিল্লীত বাস কৰে।

উল্লেখযোগ্য যে ভৱানী দলে টাহুৱে পূৰ্বে 'মাস্ক' নামৰ ফিচাৰ ফ্লিম এখন নিৰ্মাণ কৰি সন্মান বুটলি লৈ সক্ষম হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in