অৰোৰা ন্যাসৰ সাধাৰণ সভাৰ আয়োজন

অহা ১৫ জুলাইত অৰোৰা ন্যাসৰ উদ্যোগত এখনি সাধাৰণ সভাৰ আয়োজন কৰা হৈছে। এই সভাখনি সন্ধিয়া ৬-০০ বজাত বাৰোৱাৰীস্থিত সাংস্কৃতিক অনুষ্ঠান প্ৰগতি সংঘত অনুষ্ঠিত হ’ব।

author-image
Asomiya Pratidin
New Update
অগ্ৰণী খবৰ

ডিজিটেল ডেস্ক : অহা ১৫ জুলাইত অৰোৰা ন্যাসৰ উদ্যোগত এখনি সাধাৰণ সভাৰ আয়োজন কৰা হৈছে। এই সভাখনি সন্ধিয়া ৬-০০ বজাত বাৰোৱাৰীস্থিত সাংস্কৃতিক অনুষ্ঠান প্ৰগতি সংঘত অনুষ্ঠিত হ’ব। এক বিবৃতিযোগে এই কথা সদৰী কৰে অৰোৰা ন্যাসৰ পৰিচালন সঞ্চালক ইমতিয়াজুৰ ৰহমান হাজৰিকাই ।

Advertisment

আনহাতে ন্যাসৰ উদ্যোগতে অহা ১০ আগষ্টত বিশিষ্ট অভিনেতা তচদ্দুক ইউছুফক স্মৰণ কৰাৰ উদ্দেশ্যেও এক অনুষ্ঠানৰ আয়োজন কৰাৰ কথা বিবৃতিত উল্লেখ কৰে। অনুষ্ঠানত সকলোৰে দিহা- পৰামৰ্শ কামনা কৰে উদ্যোক্তাই। 

উল্লেখ কৰা প্ৰয়োজন যে, বিগত বছৰতো বিশিষ্ট অভিনেতাগৰাকীক সুঁৱৰি অৰোৰা ন্যাসে আয়োজন কৰিছিল স্মৃতিচাৰণ সভা।

guwahati