/asomiyapratidin/media/media_files/2025/02/16/CDUXJvVQbz3hYKBz8TYW.jpg)
বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সাধাৰণ সভা
ডিজিটেল সংবাদ, বটদ্ৰৱা : বটদ্ৰৱাৰ শান্তিজানৰ পাৰত অৱস্থিত সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত দেওবাৰে বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ এখনি সাধাৰণ সভা অনুষ্ঠিত হয়। কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সভাপতি জয়ন্ত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদেশ্যে ব্যখ্যা কৰে সম্পাদক সুনিল বৰুৱাই।
উল্লেখ্য যে, ২০০১ চনৰ পৰা বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উৎযাপন সমিতিৰ উদ্যোগত ধাৰাবাহিকভাৱে ৰঙালী বিহুটি বিভিন্ন সাংস্কৃতিক কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হৈ আহিছে। এইবেলি ২৫ বৰ্ষত ভৰি দিয়া কেন্দ্ৰীয় ৰঙালী বিহুটি ভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক সমাহাৰৰে তথা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে।
ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি জোনমণি ভূঞাৰ লগতে দিলীপ গোস্বামী, অতুল মহন্ত, বেণুধৰ বৰুৱা, তুৱাৰাম বৰুৱা, উপেন কাকতি, হিমেশ্বৰ দাস, মহেন্দ্ৰ বৰুৱা, হৰেন চন্দ্ৰ কলিতা, গনেশ দাস, প্ৰণৱজ্যোতি কলিতা, চন্দ্ৰ মনি ভূঞা, মঞ্জুল কলিতা, গনেশ বৰা, মোহন বৰুৱা, দীপক কৰ, দিব্যজ্যোতি বৰুৱা, অজিত বৰুৱা, ৰিদিপ কলিতা, অংকুৰ পাঠক, অচ্যুত কলিতা, অনুজ বৰুৱাকে আদি কৰি শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সভাই আগন্তুক ব'হাগত বিহুৰ পাছতে ৰূপালী জয়ন্তী বৰ্ষ হিচাপে বৰ্নাঢ্য কাৰ্যসূচীৰে বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱটি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।