/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/02f8aa14-617f-45b0-a6d7-a8272385d6d0/karmachari_porishada.jpg)
general meeting
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ৰাজ্যৰ প্ৰশাসনীয় ক্ষেত্ৰৰ অন্যতম প্ৰধান চালিকা শক্তি স্বৰূপ চৰকাৰী কৰ্মচাৰী সকলৰ উমৈহতীয়া সংগঠন "সদৌ অসম কৰ্মচাৰী পৰিষদ"ৰ অন্যতম শক্তিশালী জিলা সমিতি ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ ২৯ সংখ্যক বাৰ্ষিক অধিবেশন দেওবাৰে অনুষ্ঠিত হয়।
দক্ষিণ ঢকুৱাখনা আঞ্চলিক কৰ্মচাৰী পৰিষদৰ আতিথ্যত ডাংধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত অধিবেশনৰ গছপুলি ৰোপনেৰে শুভাৰম্ভ কৰে। ইয়াৰ পাছতে জিলা পৰিষদৰ পতাকা উত্তোলন কৰে সভাপতি জীৱন গগৈয়ে । অৱসৰপ্ৰাপ্ত শিক্ষক চেমন্ত মিলিয়ে স্মৃতি তৰ্পণ পৰ্বৰ শুভাৰম্ভ কৰাৰ পাছত অনুষ্ঠিত হয় সাধাৰণ সভা ।
পৰিষদৰ সভাপতি জীৱন গগৈৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাত আদৰণি ভাষণ আগবঢ়াই আদৰণি সমিতিৰ সভাপতি কৰুণা গোঁহাইয়ে। বিশিষ্ট অৱসৰী শিক্ষাবিদ চেনিৰাম বৰুৱাই উদ্বোধন কৰা সাধাৰণ সভাত উদ্দেশ্য ব্যাখ্যা কৰে জিলা পৰিষদৰ সম্পাদক অতুল চুতীয়াই ।
জিলা কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত ৭ খন আঞ্চলিক পৰিষদৰ মুঠ ৬৩ গৰাকী কৰ্মচাৰী বিষয়ববীয়া ,সদস্য আৰু সন্থা ,সংঘৰ প্ৰতিনিধিয়ে সভাত অংশগ্ৰহণ কৰি সাধাৰণ সম্পাদকৰ প্ৰতিবেদন ,২০২০-২০২২ বর্ষৰ পুঁজিৰ আয়-ব্যয়ৰ খতিয়ান দাখিল,পৰিষদৰ দাবী চনদ গ্ৰহণ,সাংগঠনিক দিশৰ ওপৰত বিস্তৃত আলোচনাত অংশগ্ৰহণ কৰে ।
ইয়াৰ পাছতেই পুৰণা জিলা সমিতিখনে পদত্যাগ কৰাৰ পাছত অনাগত কাৰ্যকালৰ বাবে এখন নতুন জিলা সমিতি গঠনৰ বাবে বিষয় বাছনি সভা অনুষ্ঠিত হয়।
সভাতেই কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক তথা মৰিয়নী জিলা সমিতিৰ সম্পাদক প্ৰদীপ বৰা আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক তথা যোৰহাট জিলা সমিতিৰ সভাপতি জীৱ কান্ত বৰা পৰ্যবেক্ষক হিচাবে উপস্থিত থাকি অনাগত ২০২২-২০২৪ বর্ষৰ দুবছৰীয়া কাৰ্যকালৰ বাবে অতুল চুতীয়াক সভাপতি , ইলেশ্বৰ দলে , সুৰেন বুঢ়াগোহাঁই , জিতেন দাসক উপ সভাপতি, সুনীল কুমাৰ দত্তক সাধাৰণ সম্পাদক , বিজয় দলে , ৰেৱত গগৈ , সহকাৰী সম্পাদক , ধৰণী শৰ্মা , মিন্টু গগৈক সাংগঠনিক সম্পাদক আৰু কুশল হাজৰিকাক বিত্ত সম্পাদক হিচাবে লৈ এখন ৩১ জনীয়া জিলা সমিতি গঠন কৰে ।
সভাত আঞ্চলিক কৰ্মচাৰী পৰিষদ সমূহে সন্মুখীন হৈ অহা দীৰ্ঘদিনীয়া অভাৱ, সমস্যা সমূহৰ ওপৰত অবলোকন কৰি বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে।