নগাঁও জ্যেষ্ঠ নাগৰিক সভাৰ সাধাৰণ সভা সম্পন্ন

নগাঁও জ্যেষ্ঠ নাগৰিক সভাৰ সাধাৰণ সভা সম্পন্ন

author-image
Asomiya Pratidin
New Update
নগাঁও জ্যেষ্ঠ নাগৰিক সভাৰ সাধাৰণ সভা সম্পন্ন

নগাঁও জ্যেষ্ঠ নাগৰিক সভাৰ সাধাৰণ সভা সম্পন্ন

ডিজিটেল সংবাদ, নগাঁও : নগাঁও জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বাৰ্ষিক সাধাৰণ সভাখনি দেওবাৰে নগাঁও পেঞ্চনাৰ সন্থাৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হয়। পুৱা নগাঁও জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ৰঞ্জিত কুমাৰ তামুলী ফুকনে পতাকা উত্তোলনৰে সাধাৰণ সভাৰ শুভাৰম্ভ কৰে।

ইয়াৰ পিছতে অনুষ্ঠিত হয় সাধাৰণ সভা। সন্মিলনৰ সভাপতি ৰঞ্জিত তামুলী ফুকনৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক প্ৰফুল্ল চন্দ্ৰ হাজৰিকাই।

সভাত সাধাৰণ সম্পাদকৰ প্ৰতিবেদন পাঠ কৰাৰ লগতে বিত্তীয় হিচাপ দাখিল কৰা হয়। সভাত জ্যেষ্ঠ নাগৰিকৰ বিভিন্ন সমস্যাৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰা হয়। এই সমস্যা সমাধানৰ বাবে কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

সভাত অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া প্ৰেমেশ্বৰ দাস , বিশিষ্ট জ্যেষ্ঠ নাগৰিক ক্ৰমে ললিত দত্ত ,ভবেশ মেধি , পৰাণ কুমাৰ বৰুৱা , ড:শৰৎ বৰকটকী ,মোহিনী মোহন ডেকা , পুনিৰাম শইকীয়া ,পুৰ্ণকান্ত বাৰিক ,আবুল হুছেইনকে ধৰি অৰ্দ্ধশতাধিকে অংশগ্ৰহণ কৰে।

সভাত পৰৱৰ্তী বৰ্ষৰ বাবে বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিক সভাপতি ,প্ৰফুল্ল চন্দ্ৰ হাজৰিকাক কাৰ্যকৰী সভাপতি ,ভানুৰমা বৰাক উপসভানেত্ৰী ,প্ৰদীপ কুমাৰ শইকীয়াক সাধাৰণ সম্পাদক ,পল্লৱ কুমাৰ বৰাক সহকাৰী সম্পাদক ,দিলীপ হাজৰিকাক বিত্তীয় সম্পাদক হিচাপে লৈ নগাঁও জ্যেষ্ঠ নাগৰিক সন্মিলনৰ এখন ১৭ জনীয়া কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়।

Also Read: কেতিয়াবা নিজকো কৰোচোন এনেবোৰ প্ৰশ্ন...

জ্যেষ্ঠ নাগৰিক