ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ টুপীয়া সামূহিক ভৱনত বৃহত্তৰ নদুৱাৰ গোৰ্খা সমাজৰ তত্বাৱধানত আৰু অসমী মহিলা মঞ্চ নদুৱাৰৰ উদ্যোগত এখন বৃহৎ সাধাৰণ সভা মঙলবাৰে সন্ধিয়া অনুষ্ঠিত হৈ যায় ৷ সভাত আগন্তুক ৫জানুৱাৰীত অনুষ্ঠিত হ'ব লগা গোৰ্খা সাংস্কৃতিক সমাৰোহ সম্পৰ্কে প্ৰস্তুতি সম্পৰ্কে বিষদভাৱে আলোচনা কৰা হয় ।
গোৰ্খা সমাজৰ উপদেষ্টা মতি কুমাৰ নেৱাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আঁত ধৰে গোৰ্খা সমাজৰ মূল সম্পাদক সঞ্জয় শৰ্মাই ৷ অসমী মহিলা মঞ্চৰ কেন্দ্ৰীয় পদাধিকাৰীসকলৰ লগতে আঞ্চলিক সমিতিসমূহৰ মহিলাসকলক লৈ সভাত বিস্তৃতভাৱে আলোচনা কৰা হয়।
এই অনুষ্ঠানটিৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। তেওঁ গোৰ্খা সমাজৰ কলা সংস্কৃতিৰ ওপৰত তত্ত্বগধূৰ মন্তব্য আগবঢ়ায়। অনুষ্ঠানটিৰ বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে সমাজকৰ্মী ক্ষেমৰাজ চেত্ৰী, প্ৰাক্তন শিক্ষক বিষ্ণু দাহাল, জিলা পৰিষদৰ প্ৰাক্তন সদস্য কিশোৰ দাহাল, সমাজসেৱক ধনপতি কাফলে, শিক্ষক সমাজকৰ্মী বিনয় গৌতম, শান্তানু গৌতম, তুলসী কাৰ্কি, নিলকমল নেৱাৰৰ লগতে অঞ্চলটোৰ গণ্য মাণ্য ব্যক্তিসকলে৷