৫৫ দিনৰ পাছত পুনৰ মুকলি হ'ল বৰাক উপত্যকাৰ গেমন সেতু...

সেতুখন মেৰামতিৰ বাবে ২ কোটি ৭৫ লাখ টকা মঞ্জুৰ কৰিছিল চৰকাৰে। সেতু মেৰামতিৰ দায়িত্ব লাভ কৰা NHIDCL নিৰ্মাণ সংস্হাই নিৰ্দিষ্ট সময় ২০ জুলাইৰ পূৰ্বে সেতু খন যাতায়তৰ উপযোগী কৰি তোলে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, শিলচৰ:  সুদীৰ্ঘ ৫৫ দিন বন্ধ থকাৰ পিছত অৱশেষত যানবাহন চলাচলৰ বাবে মুকলি কৰি দিয়া হ'ল বৰাক উপত্যকাৰ গেমন সেতু। কাটিগৰাৰ বৰাক নৈৰ ওপৰত থকা গেমন সেতু খন পুজাৰ্চনাৰ জৰিয়তে ফিটা কাটি উদ্বোধন কৰিলে বৰাক উন্নয়ণ বিভাগৰ মন্ত্ৰী কৌশিক ৰাই আৰু গড়কাপ্তানী বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে।

Advertisment

ইয়াৰ পিচতে পৰীক্ষামূলক ভাবে লঘু যানবাহন আৰু যাত্ৰীবাহী বাছ সমূহ গেমন সেতুৰে চলাচল আৰম্ভ কৰে। বৰ্তমান লঘু যানবাহন চলাচল কৰাৰ পাঁচদিন পিছত মালবাহী ট্ৰাক আৰু অন্যান্য গধুৰ যানবাহন সমূহ চলাচলৰ অনুমতি দিয়া হ'ব।  

৫১ বছৰ পিচত পুনৰ দ্বিতীয় বাৰৰ বাবে গেমন সেতু মুকলি কৰি মন্ত্ৰী কৌশিক ৰায়ে কয় যে, সেতুখন মেৰামতিৰ বাবে ২ কোটি ৭৫ লাখ টকা মঞ্জুৰ কৰিছিল চৰকাৰে। সেতু মেৰামতিৰ দায়িত্ব লাভ কৰা NHIDCL নিৰ্মাণ সংস্হাই নিৰ্দিষ্ট সময় ২০ জুলাইৰ পূৰ্বে সেতু খন যাতায়তৰ উপযোগী কৰি তোলে।

বৰাক উপত্যকাৰ লাইফ লাইন হিচাপে বিবেচিত এই গেমন সেতু খন ৫৫ দিন পিচত মুকলি হোৱাৰ ফলত বৰাক উপত্যকা সহ চুবুৰীয়া ৰাজ্য মনিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ যানবাহন সমূহ পুনৰ দেশৰ বাকী অংশৰ সৈতে যাতায়ত কৰিব পাৰিব।

উল্লেখ্য যে, গেমন সেতু মেৰামতিৰ বাবে যোৱা ২০ মে' ৰ পৰা বন্ধ‌ হৈ পৰিছিল বৰাক উপত্যকাৰ লাইফ লাইন হিচাপে বিবেচিত বদৰপুৰ- জোৱাই - গুৱাহাটী ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। ফলত বৰাকৰ লগতে চুবুৰীয়া ৰাজ্য মনিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা দেশৰ বাকী অংশৰ সৈতে যাতায়ত বিচ্ছিন্ন হৈ পৰিছিল।

ইফালে, অভাৰলোড যানবাহনৰ বিৰুদ্ধে এইবাৰ কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। যানবাহন সমূহৰ বহন ক্ষমতাকৈ যাতে অতিৰিক্ত বোজা গেমন সেতুৰে পাৰ কৰাব নোৱাৰে তাৰ বাবে পৰিৱহন বিভাগ আৰু আৰক্ষীক কঠোৰ নিৰ্দেশ  দিয়া হৈছে বুলি সদৰী কৰে গড়কাপ্তানী মন্ত্ৰী কৃষ্ণেন্দু পালে।

অতিৰিক্ত বডি বৃদ্ধি কৰি অভাৰলোড সামগ্ৰী কঢ়িওৱা ডাম্পাৰ সমুহৰ অতিৰিক্ত বডি কাটি পেলাবলৈ ইতিমধ্যে নিৰ্দেশ জাৰি কৰা হৈছে বুলিও সদৰী কৰে মন্ত্ৰী গৰাকীয়ে।

শিলচৰ বৰাক উপত্যকা