/asomiyapratidin/media/media_files/2025/03/05/KqwE1iazxich7m7wELlN.jpg)
মহিলা উদ্যোগীৰ বাবে ভাল খবৰ
ডিজিটেল সংবাদ: এতিয়া ব্যৱসায়ৰ ক্ষেত্ৰত পুৰুষৰ সমানে সমানে আগবাঢ়িছে মহিলা। বিগত কিছুবছৰৰ ভিতৰত দেশত পূৰ্বৰ তুলনাত বাঢ়িছে উদ্যোগী মহিলাৰ সংখ্যা। কিন্তু তাৰ সমান্তৰালভাৱে বজাৰত প্ৰৱেশ কৰাটো মহিলা উদ্যোগীসকলৰ বাবে হৈ পৰিছে এক ডাঙৰ চিন্তা আৰু প্ৰত্যাহ্বানৰ বিষয়।
তেনে সময়ছোৱাতে চৰকাৰী ই-মাৰ্কেটপ্লেছে মহিলা উদ্যোগীসকলৰ পৰা চৰকাৰী বিভাগসমূহৰ বাবে ৩০০০ কোটি টকাৰ সামগ্ৰী আৰু সেৱাৰ সুবিধা প্ৰদান কৰিছে। পিএছইউ আৰু চৰকাৰী বিভাগৰ বাবে সামগ্ৰী আৰু সেৱা ক্ৰয় কৰা জিইএম পৰ্টেলে এতিয়া এমএছএমইৰ পৰা ২৫ শতাংশ ক্ৰয় সংৰক্ষিত কৰিছে। ইয়াৰে ৩ শতাংশ মহিলাৰ দ্বাৰা পৰিচালিত এম এছ এম ইৰ পৰা হ’ব। ইয়াৰ দ্বাৰা মহিলাসকলৰ বাবে ৩০০০ কোটি টকাৰ সুযোগ মুকলি হ’ব।
ইয়াৰ লগতে মহিলা উদ্যোগীসকলৰ বাবে বিত্তৰ সহজ সুবিধা প্ৰদান কৰাৰ বাবেও আছে আন কেইবাখনো আঁচনি। ইয়াৰ ভিতৰত এখন উল্লেখযোগ্য আঁচনি হৈছে ষ্টেণ্ড-আপ ইণ্ডিয়া আঁচনি। এই আঁচনিৰ অধীনত চৰকাৰে অনুসূচিত জাতি/জনজাতিৰ লগতে মহিলা উদ্যোগীসকলক ২ কোটি টকা পৰ্যন্ত ঋণ প্ৰদান কৰে। যাৰ জৰিয়তে ৫ লাখ উদ্যোগী মহিলা উপকৃত হোৱাৰ সম্ভাৱনা আছে। যদিহে মহিলাসকলে এম এছ এম ই হিচাপে নিজৰ উদ্যোগটোক পঞ্জীয়ন কৰে তেন্তে বেংকে এই ঋণ প্ৰদান কৰিব। ইয়াৰ দ্বাৰা উপকৃত হ'ব উদ্যোগী মহিলাসকল।