গেলাহাটিঙা চাহ বাগিচাত শ্ৰীমদ্ভাগৱত কথা আৰু জ্ঞানযজ্ঞৰ আয়োজন

গেলাহাটিঙা চাহ বাগিচাত শ্ৰীমদ্ভাগৱত কথা আৰু জ্ঞানযজ্ঞৰ আয়োজন

author-image
Asomiya Pratidin
New Update
গেলাহাটিঙা চাহ বাগিচাত শ্ৰীমদ্ভাগৱত কথা আৰু জ্ঞানযজ্ঞৰ আয়োজন

ডিজিটেল সংবাদ,নদুৱাৰঃ নদুৱাৰৰ ইটাখোলাৰ গেলাহাটিঙা চাহ বাগিচাত শ্ৰীমদ্ভাগৱত কথা আৰু জ্ঞানযজ্ঞ অনুষ্ঠিত হয় ৷ হৰি হৰ সংঘ সমিতিৰ সভাপতি মোহন বৰাইক আৰু সম্পাদিকা বিনীতা চাওৰাৰ বিশেষ তৎপৰতাত গেলাহাটিঙা চাহবাগিছাৰ ৰাইজৰ উদ্যোগত ৰাষ্ট্ৰীয় বজৰং দলৰ সহযোগত ৰাইজৰ একল অভিযানেৰে আয়োজন কৰা হৈছে এই দ্বিতীয় বাৰ্ষিক শ্ৰীমদ্ভাগৱত কথা আৰু জ্ঞান যজ্ঞ।

Advertisment

আজিৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা শ্ৰী মদ্ভাগৱত কথা আৰু জ্ঞান যজ্ঞৰ কাৰ্য্যসুচী অনুসৰি আজি দিকৰাই নদীৰ পৰা শতাধিক ভক্ত প্ৰাণ মহিলাই কলহত পানী ভৰাই লৈ জল যাত্ৰা কৰি আনি যজ্ঞ মণ্ডপত উপস্থিত হয়।

জ্ঞান যজ্ঞৰ কথা প্ৰৱচক হিচাবে অংশগ্ৰহণ কৰি সুদূৰ চিলচৰৰ প্ৰিয়া চান্দা দেৱীয়ে বাগিছা খনৰ সমূহ ৰাইজৰ প্ৰতি আগবঢ়োৱা কথা বচনৰ জৰিয়তে শ্ৰীমদ্ভাগৱতৰ জ্ঞানৰ পোহৰ বিলাই উপকৃত কৰে৷

gelahating tea state