/asomiyapratidin/media/media_files/2025/06/14/HylKI1tUaqCmd0qnzJJp.jpg)
ডিজিটেল ডেস্ক : ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ সদস্য, ছাপ’ৰ্ট ষ্টাফ আদিক লণ্ডন এৰি স্বদেশলৈ উভতি আহিছে প্ৰশিক্ষক গৌতম গম্ভীৰ। অহা ২০ জুনৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে ৫খনীয়া টেষ্ট শৃংখলা খেলাৰ উদ্দেশ্যে কেইবাদিন পূৰ্বে ইংলেণ্ড অভিমুখে উৰা মাৰিছিল ভাৰতীয় দলটো।
পিছে এই অভিযান আৰম্ভ নৌহতেই লণ্ডন এৰি আহিব লগা হৈছে প্ৰশিক্ষক গৌতম গম্ভীৰ। ইতিমধ্যে ভাৰতীয় দলটোৱে নিজৰ মাজতে খেলি আছে প্ৰস্তুতি মেচ। তেনে এক পৰিস্থিতিৰ মাজতে পাৰিবাৰিক কাৰণত গুৰু গম্ভীৰ ভাৰতলৈ উভতি আহিব লগা হৈছে।
সৰ্বভাৰতীয় সংবাদ প্ৰতিষ্ঠানৰ খবৰ অনুসৰি গম্ভীৰৰ মাতৃৰ অসুস্থতাৰ হেতু তেওঁ লণ্ডনত বাকী সদস্যসকলক এৰি আহিব লগা গৈছে। বি চি চি আইৰ অনুমতি সাপেক্ষে স্বদেশলৈ অহা গম্ভীৰে সকলো ঠিকে- থাকে থাকিলে ১৭ জুনত ভাৰতীয় দলৰ শিবিৰত যোগ দিব।