Advertisment

কি ৰণনীতিৰে টীম ইণ্ডিয়াই পালে জয়ৰ সোৱাদ...

১২বছৰৰ মূৰত ভাৰতে বিজয় সাব্যস্ত কৰিলে চেম্পিয়ন ট্ৰফীত। বহু প্ৰতীক্ষাৰ অন্তত ভাৰতে লাভ কৰিলে এই সফলতা। ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ ৰণনীতি এই জয় আৰু সহজ কৰিলে বুলি ক্ৰিকেট বিশ্লেষকসকলে মত পোষণ কৰিছে। 

author-image
Asomiya Pratidin
New Update
new ap web 3 (2)

ডিজিটেল ডেস্কঃ ১২বছৰৰ মূৰত ভাৰতে বিজয় সাব্যস্ত কৰিলে চেম্পিয়ন ট্ৰফীত। বহু প্ৰতীক্ষাৰ অন্তত ভাৰতে লাভ কৰিলে এই সফলতা। ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ ৰণনীতি এই জয় আৰু সহজ কৰিলে বুলি ক্ৰিকেট বিশ্লেষকসকলে মত পোষণ কৰিছে। 

Advertisment

গৌতম গম্ভীৰে টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব লোৱাৰ পাছতে ভাৰতীয় দললৈ আহিছিল বহুকেইটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন। কিছুদিনৰ পূৰ্বে শ্ৰীলংকা ভ্ৰমণৰ সময়ত গৌতম গম্ভীৰে টীম ইণ্ডিয়াত গুৰুতৰ পৰিৱৰ্তন হব বুলি ইংগিত প্ৰদান কৰিছিল।  

প্ৰশিক্ষক হিচাপে দায়িত্ব লোৱাৰ পাছতে গৌতম গম্ভীৰে বেটছমেনৰ সমানে সমানে গুৰুত্ব প্ৰদান কৰিছিল বলাৰসকলকো। শ্ৰীলংকাত হোৱা মেচসমূহতো ৬-৭গৰাকী বলাৰ ব্যৱহাৰ কৰিছিল গম্ভীৰে। চেম্পিয়নছ ট্ৰফীতো বলাৰ সকলৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছিল গৌতম গম্ভীৰে।

ফাইনেলত বিজয় সাব্যস্ত কৰাৰ পাছত গৌতম গম্ভীৰে কয় যে, বেটছমেনে এখন খেল জিকাব পাৰে, কিন্তু বলাৰে আপোনাক এক টুৰ্ণামেন্ট জয়ী কৰাৰ পাৰে।  গৌতম গম্ভীৰ প্ৰশিক্ষক হোৱাৰ পাছতে টীম ইণ্ডিয়াত অন্তভূৰ্ক্তি হৈছিল বৰুণ চক্ৰৱৰ্তীৰ। চেম্পিয়নছ ট্ৰফী -২০২৫ত বৰুণে খেলিছে মাত্ৰ ৩খন মেচ। এই মেচসমূহত ৯টা উইকেট দখল কৰিছিল বৰুণে।

ছেমি ফাইনেলৰ উপৰিও ফাইনেল মেচৰ লগতে গ্ৰুপ পৰ্যায়ৰ মেচসমূহত বৰুণৰ বিধ্বংসী স্পিনাৰৰ আগত কোনো বেটছমেন তিষ্ঠিব পৰা নাছিল। ফাইনেল মেচতো বৰুণে ২টাকৈ উইকেট দখল কৰিছিল।  ফাইনেল মেচখনত স্পিনাৰ বলাৰৰ বাবে কিৱি বাহিনীয়ে ভৱামতে সংগ্ৰহ কৰিব পৰা নাছিল ৰাণ। 

স্পিনাৰক ফাইনেল মেচত বিশেষভাৱে ব্যৱহাৰ কৰাৰ ৰণনীতি আগতেই প্ৰস্তুত কৰিছিল গৌতম গম্ভীৰে। বৰুণ চক্ৰৱতীৰ লগতে কুলদ্বীপ যাদৱ, ৰবীন্দ্ৰ জডেজাৰ দৰে স্পিনাৰে ভাৰতৰ ফালে টানি আনিছিল সফলতা। কুলদ্বীপ যাদৱে ৫খন মেচত ৭টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰিছিল। ৰবীন্দ্ৰ জডেজাই ৫টা উইকেটৰ লগতে বিগত চেম্পিয়নছ ট্ৰফীত অক্ষৰ পেটেলৰ বলিঙো আছিল আকৰ্ষণীয়। 

চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ লগতে অন্যান্য মেচসমূহতো বিপদৰ সময়ত টীম ইণ্ডিয়াক উদ্ধাৰ কৰিছিল স্পিনাৰ সকলে। গৌতম গম্ভীৰে এই স্পিনাৰ সকলক ব্যৱহাৰ কৰাৰ ৰণনীতি চেম্পিয়নছ ট্ৰফীত অধিক ফলপ্ৰসূ হল বুলি এতিয়া চৰ্চা হৈছে। 

চেম্পিয়নছ ট্ৰফী