/asomiyapratidin/media/media_files/2025/06/14/7CK29rsMauGDLl1gGrJ4.jpg)
ডিজিটেল ডেস্ক : ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ প্ৰতিভাৱান বেটছমেন যশস্বী জয়ছোৱালৰ বেটিঙশৈলীত মুঠেও সন্তুষ্ট নহয় প্ৰশিক্ষক গৌতম গম্ভীৰ। প্ৰস্তুতি মেচত ব্যৰ্থ হোৱাৰ পাছত গুৰু গম্ভীৰৰ তীক্ষ্ণ দৃষ্টিৰ সন্মুখত জয়ছোৱালে নেটত ভালেখিনি সময় বেটিং অনুশীলন চলায়।
অনুশীলনৰ সময়ছোৱাত আক্ৰমণাত্মক শ্বট খেলি কেইবাবাৰো আউট হয় জয়ছোৱাল। বাৰে বাৰে আক্ৰমণাত্মক মনোভাবেৰে বেটিং অনুশীলন কৰাকলৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে গম্ভীৰে।
কেৱল ইমানেই নহয়, টি-২০ শৈলীত বেটিং কৰা দেখি নেটৰ পৰা বাহিৰলৈ উলিয়াই আনি জয়ছোৱালক ধমক দিয়ে গম্ভীৰে। প্ৰত্যুত্তৰত জয়ছোৱালেও গম্ভীৰক উদ্দেশ্যি মতামত ব্যক্ত কৰে।
অৱশ্যে কিছু সময় পাছত এই পৰিস্থিতিৰ শাম কাটে। জয়ছোৱালে পুনৰ নেটত প্ৰৱেশ কৰি, গুৰুবাক্য মানি ৰক্ষাণাত্মক শ্বট খেলিবলৈ আৰম্ভ কৰে। উল্লেখযোগ্য যে, সম্প্ৰতি লণ্ডনত থকা ভাৰতীয় দলটোৱে অহা ২০ জুনৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে ৫খনীয়া টেষ্ট শৃংখলাত ভাগ ল'ব।