৫০০ দিব্যাংগক ১০ লাখ টকাৰ আৰ্থিক সাহাৰ্য ! বিবাহৰ পূৰ্বে প্ৰতিশ্ৰুতি দিলে জীত আদানী আৰু ভাবী পত্নীয়ে...

বিবাহৰ পূৰ্বেও জীত আৰু দিভাই প্ৰতিবন্ধী কন্যা আৰু নৱবিবাহিত প্ৰতিবন্ধী দম্পতীৰ সহায়ৰ বাবে ‘মংগল সেৱা’ নামৰ এক পদক্ষেপ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। পুত্ৰ আৰু ভাবী বোৱাৰী দিভাৰ এই পদক্ষেপক লৈ অতি গৌৰৱান্বিত বুলি সামাজিক মাধ্যমত প্ৰকাশ কৰে গৌতম আদানীয়ে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
িুিপ

ডিজিটেল ডেস্কঃ  দেশৰ অন্যতম বৃহৎ উদ্যোগপতি গৌতম আদানীৰ কনিষ্ঠ পুত্ৰ জীত আদানী আৰু দিভা শ্বাহৰ বিবাহ কেৱল ৰাজকীয় বিয়াই নহয় এই বিবাহখনে সমাজৰ বাবেও আদৰ্শ দাঙি ধৰিব। বিয়াৰ পূৰ্বে বিশেষভাৱে সক্ষম মহিলাসকলক সহায় কৰাৰ উদাৰ প্ৰতিশ্ৰুতি দিছে গৌতম আদানীৰ পুত্ৰ আৰু ভাবী বোৱাৰীয়ে।

তেওঁলোকৰ উদযাপন অধিক আনন্দদায়ক কৰি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। বিবাহৰ পূৰ্বেও জীত আৰু দিভাই প্ৰতিবন্ধী কন্যা আৰু নৱবিবাহিত প্ৰতিবন্ধী দম্পতীৰ সহায়ৰ বাবে ‘মংগল সেৱা’ নামৰ এক পদক্ষেপ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এই পদক্ষেপৰ সকলোৱে শলাগ লৈছে। 

উল্লেখযোগ্য যে, এই পদক্ষেপৰ অধীনত প্ৰতি বছৰে ৫০০ গৰাকী দিব্যাংগ কন্যাক তেওঁলোকৰ বিবাহৰ বাবে ১০ লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়াব। এইটো এটা অতি প্ৰশংসনীয় পদক্ষেপ,ইয়াৰ ফলত দিব্যাংগ মহিলাসকল স্বাৱলম্বী হৈ নতুন জীৱন আৰম্ভ কৰাত সহায়কৰ হ'ব।

বিবাহৰ পূৰ্বে জীত আদানীয়ে ২১টা নৱবিবাহিত দিব্যাংগ দম্পতীক সাক্ষাত কৰিছিল। জীতে তেওঁলোকৰ প্ৰয়োজনীয়তা বুজিবলৈ চেষ্টা কৰিছিল আৰু তেওঁলোকক সকলো ধৰণে সহায় কৰা হ’ব বুলি আশ্বাস দিছিল। এই পদক্ষেপে হাজাৰ হাজাৰ আৰ্তজনৰ জীৱন সলনি কৰিব। জীত আদানীৰ এই সংবেদনশীলতা আৰু সমাজৰ প্ৰতি তেওঁৰ নিষ্ঠা অতি প্ৰশংসনীয়।

ইফালে পুত্ৰ আৰু ভাবী বোৱাৰী দিভাৰ এই পদক্ষেপক লৈ অতি গৌৰৱান্বিত বুলি সামাজিক মাধ্যমত প্ৰকাশ কৰে গৌতম আদানীয়ে। এই উদাৰ কামৰ বাবে দুয়োকে আশীৰ্বাদ দিয়া লগতে সমাজত পৰিৱৰ্তন অনাৰ তেওঁলোকৰ যি চিন্তাধাৰা, এই চিন্তাৰ তেওঁ শলাগ লয়। 

গৌতম আদানী