/asomiyapratidin/media/media_files/2025/03/06/v1x4VDr2hXz0ytdkLjr1.jpg)
আদানীয়ে চলালে গুলী
ডিজিটেল ডেস্ক: এইবাৰৰ হাতত বন্দুক ল'লে গৌতম আদানীয়ে। বিশিষ্ট উদ্যোগপতি গৰাকীয়ে হাতত বন্দুক লৈ গুলী চলোৱাৰ দৃশ্য ভাইৰেল হৈছে সামাজিক মাধ্যমত। বৃহস্পতিবাৰে আদানী গোটৰ অধ্যক্ষ গৌতম আদানীয়ে কানপুৰৰ আদানী প্ৰতিৰক্ষা আৰু মহাকাশস্থান পৰিদৰ্শন কৰে। এই ভ্ৰমণৰ সময়ৰ এটা ভিডিঅ তেওঁ ইনষ্টাগ্ৰামত পোষ্ট কৰে যত আছে গুলী ফুটাই থকাৰ দৃশ্য।
আদানীয়ে সদৰী কৰে, উদ্ভাৱন আৰু ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীলতাৰ প্ৰতি থকা অটল দায়বদ্ধতাৰ পৰা অনুপ্ৰাণিত হৈছে আদানী গ্ৰুপ। তেওঁ লগতে কয়, "আমাৰ লক্ষ্য হৈছে এখন শক্তিশালী আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলা।"
"ভাৰতৰ সপোন, প্ৰতিৰক্ষা আৰু মহাকাশৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষ ৫ খন দেশৰ ভিতৰত স্থান লাভ কৰা। ইয়াৰ বাবে দেশে সামৰিক আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা, থলুৱা ব্যক্তিগত প্ৰতিৰক্ষা কোম্পানীসমূহৰ জৰিয়তে প্ৰতিৰক্ষা উৎপাদনক প্ৰসাৰিত কৰা আৰু উন্নত আন্তঃগাঁথনি গঢ়ি তোলাৰ দিশত পদক্ষেপ গ্ৰহণ কৰিছে। এই সকলোবোৰ সেই বীৰসকলৰ বাবে যিসকলে জাতিৰ সুৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰে। যাৰবাবে ভাৰতক বিশ্বমানৰ প্ৰতিৰক্ষা আৰু মহাকাশ উৎপাদনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে প্ৰতিৰক্ষা আৰু মহাকাশ উৎপাদনৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰিছে আদানী প্ৰতিৰক্ষা আৰু মহাকাশস্থান।"
এই পদক্ষেপ সম্পূৰ্ণৰূপে ‘মেক ইন ইণ্ডিয়া’ৰ উদ্দেশ্যৰ সৈতে জড়িত। ২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানিয়ে অভিলেখ ২১,০৮৩ কোটি টকা (প্ৰায় ২.৬৩ বিলিয়ন ডলাৰ) স্পৰ্শ কৰে, যিটো পূৰ্বৰ বিত্তীয় বৰ্ষত ১৫,৯২০ কোটি টকাৰ তুলনাত ৩২.৫% বৃদ্ধি। উল্লেখযোগ্য যে, বিগত দশকত প্ৰতিৰক্ষা ৰপ্তানি ৩১ গুণ বৃদ্ধি পাইছে। একে সময়তে ভাৰতত প্ৰতিৰক্ষা উৎপাদনৰ মুঠ মূল্যও যোৱা বিত্তীয় বৰ্ষত ১৭% বৃদ্ধি পাই ১,২৬,৮৮৭ কোটি টকা হৈছে।