গৰ্বিত পিতৃঃ এগৰাকী ফেৰীৱালাৰ পুত্ৰই আজি ৰাজত্ব কৰিছে বিশ্ব ব্যৱসায়ত...

গৰ্বিত পিতৃঃ এগৰাকী ফেৰীৱালাৰ পুত্ৰই আজি ৰাজত্ব কৰিছে বিশ্ব ব্যৱসায়ত...

author-image
Asomiya Pratidin
New Update
গৰ্বিত পিতৃঃ  এগৰাকী ফেৰীৱালাৰ পুত্ৰই আজি ৰাজত্ব কৰিছে বিশ্ব ব্যৱসায়ত...

ডিজিটেল ডেস্কঃ সত্তৰ দশকৰ কথা। গুজৰাটৰ আহমেদাবাদৰ পদুলিয়ে পদুলিয়ে এগৰাকী ফেৰীৱালাই কাপোৰ বিক্ৰী কৰি ফুৰিছিল। ফেৰীৱালাজনৰ নাম আছিল শান্তিলাল। শান্তিলালৰ আছিল ৭টা সন্তান। সন্তানৰ পঢ়া-শুনাৰ পৰা আদি কৰি অন্যান্য খৰচবোৰ ফেৰীৱালা দেউতাকৰ বাবে হৈ পৰিছিল ডাঙৰ বোজা।

Advertisment

৭টি সন্তান যিমানে ডাঙৰ হৈছিল, সিমানেই বাঢ়িছিল খৰচ। মাত্ৰ ২টা সৰু সৰু ৰূমৰ চালি ঘৰত ৯জনকৈ মানুহ বৰ কষ্টৰে আছিল। বয়স বঢ়াৰ লগে লগে শান্তিলালেও ঘৰে ঘৰে গৈ কাপোৰ বিক্ৰী কৰিব পৰা নাছিল। পৰিয়ালটোৰ এনে দুৰ্দশাৰ সময়তে বৰপুত্ৰ গৌতমে মূৰ পাতি লৈছিল দেউতাকৰ কামবোৰ।

এনে সময়তে এনে দিনো আহিছিল যে, অভাৱে কোঙা কৰা পৰিয়ালটোৱে ধাৰৰ বোজা সহিব নোৱাৰি উক্ত স্থান এৰি অইন ঠাই পাইছিলগৈ। লাহে লাহে সময় পাৰ হল। কামৰ সমান্তৰালভাৱে গৌতমে পঢ়া-শুনাও কৰি গ’ল। ধনৰ অভাৱত মাজে মাজে হতাশ হৈ পৰা গৌতমক দেউতাকে কৈছিল- সময় সদায় একে নাযায়। লাগি থাকিলে মাগি নাখায়।

দেউতাকৰ এই কথাষাৰকেই মনত ৰাখি প্ৰৱল সংঘৰ্ষৰ মাজতো নিজৰ লক্ষ্য স্থিৰ কৰি ল’লে বৰপুত্ৰ গৌতমে। আৰু সেই লক্ষ্যৰ পিছা কৰিয়েই আগবঢ়া গৌতম আজি ৮হাজাৰ ৬২০কোটি টকাৰ মালিক।

বৰপুত্ৰ গৌতম এতিয়া বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত থকা অন্যতম এজন ব্যক্তি। এক বিশেষ অনুষ্ঠানত তেওঁ পিতৃৰ পৰা পোৱা প্ৰেৰণা আৰু কামৰ সৰু-বৰ বিচাৰ নকৰাৰ কথা উল্লেখ কৰিছিল। তেওঁ লগতে কৈছিল- মই আনুষ্ঠানিক শিক্ষা বৰ বেছি লব নোৱাৰিলো যদিও, মোৰ পিতৃয়ে মই হতাশ হৈ পৰা সময়ত কোৱা সেই কথাবোৰে আজিও মোক উতসাহিত কৰে,সেয়াই মোৰ বাবে ডাঙৰ শিক্ষা। ­বহু ডাঙৰ ডাঙৰ কিতাপতকৈ এই কথাবোৰ মোৰ বাবে বেছি জৰুৰী।

চালিঘৰত থাকি কঠোৰ সংগ্ৰামৰ মাজেৰে জীৱন নিৰ্বাহ কৰা গৌতমৰ এতিয়া আছে ৪০০কোটি টকাৰ বৃহত অট্টালিকা। পিতৃয়ে কাপোৰ বিক্ৰী কৰিছিল বাবেই পিতৃৰ নামৰ গৌতমে আৰম্ভ কৰিলে কাপোৰ প্ৰস্তুতকৰণৰ এটা বৃহত উদ্যোগ। দেশৰ বস্ত্ৰ উদ্যোগৰ প্ৰায় ৩০শতাংশ কাপোৰ উতপাদন কৰে এই উদ্যোগটোৱে।

পিতৃৰ এষাৰ মাত্ৰ কথাৰে জীৱন সলাই দিয়া এই ব্যক্তিগৰাকীয়েই হৈছে গৌতম আদানী। এতিয়া বিশ্বৰ দশম স্থানত থকা ধনী ব্যক্তি গৌতম আদানীৰ পিতৃয়েই এদিন ফেৰীৱালা কৰি পোহপাল দিছিল পৰিয়ালক। ধনৰে সন্তানক একো দিব নোৱাৰিলেও গৌতম আদানীক মানসিকভাৱে পৰিপুষ্ট কৰি তোলা মানুহগৰাকীয়েই হৈছে শান্তিলাল আদানী।

২০২২চনত গৌতম আদানীৰ সম্পত্তিয়ে চেৰ পেলাইছিল ধনীৰ তালিকাত বিশ্বৰ ভিতৰতে শীৰ্ষ স্থানত থকা বিল গেটছক। এটা চালিঘৰত থাকিও পুত্ৰক অসীম মানসিক শক্তিৰে শক্তিশালী কৰি তোলা শান্তিলাল আদানীৰ আনকেইগৰাকী সন্তানো আজি সুপ্ৰতিষ্ঠিত।

গৌতম আদানী পিতৃ দিৱস