কুলাংগাৰ পুত্ৰ! মাতৃ দিৱসৰ দিনটোত শিৱসাগৰত বুকু কপিঁ যোৱা ঘটনা...

কুলাংগাৰ পুত্ৰ! মাতৃ দিৱসৰ দিনটোত শিৱসাগৰত বুকু কপিঁ যোৱা ঘটনা...

author-image
Asomiya Pratidin
New Update
কুলাংগাৰ পুত্ৰ!  মাতৃ দিৱসৰ দিনটোত শিৱসাগৰত বুকু কপিঁ যোৱা ঘটনা...

ডিজিটেল ডেস্কঃ মাতৃ দিৱসৰ দৰে এটা পৱিত্ৰ দিনত শিৱসাগৰ জিলাত সংঘটিত হৈছে এটা অতি নৃশংস ঘটনা। নিজ মাতৃক জীৱন্তে জ্বলাই দিলে পুত্ৰই। বুকু কপিঁ যোৱা এই ঘটনা সংঘটিত হৈছে শিৱসাগৰৰ চামগুৰি ৰজাবাম ডিব্ৰুৱালত। নিজ পুত্ৰই মাতৃক জীৱন্তে ঘৰৰ চোতালত জ্বলাই দিয়া এই খবৰে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Advertisment

প্ৰাপ্ত খবৰ অনুসৰি মৃত মহিলাগৰাকীৰ নামত বীণা গগৈ। মানস গগৈ নামৰ কুলাংগাৰ পুত্ৰক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ওচৰ চুবুৰীয়াই সদৰি কৰা অনুসৰি, বৃদ্ধাগৰাকীক চোতালতে জীয়াই জীয়াই খৰি জাপি জ্বলাই দিলে পুত্রই। দীৰ্ঘদিন ধৰি মদৰ নিচাত মাতাল হৈ পুত্রই মাতৃক শাৰীৰিক নিৰ্যাতন চলাই অহাৰো অভিযোগ উত্থাপন হৈছে।

Also Read: বটদ্ৰৱাত কণকণ শিশুৰ অভিনয়েৰে অভিমন্যু বধ ভাওনা...

শিৱসাগৰ