Advertisment

মুম্বাইৰ পৰা আহি থকা অৱস্থাত গৌৰীপুৰৰ যুৱক নিৰুদ্দেশ...

ধুবুৰী জিলাৰ গৌৰীপুৰ নগৰৰ যুৱক এজন মুম্বাইৰ পৰা ঘৰলৈ আহি থকা সময়তে নিউ জলপাইগুড়িৰ পৰা সন্ধানহীন হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

author-image
Asomiya Pratidin
New Update
গৌৰীপুৰৰ যুৱক নিৰুদ্দেশ

গৌৰীপুৰৰ যুৱক নিৰুদ্দেশ

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী জিলাৰ গৌৰীপুৰ নগৰৰ যুৱক এজন মুম্বাইৰ পৰা ঘৰলৈ আহি থকা সময়তে নিউ জলপাইগুড়িৰ পৰা সন্ধানহীন হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে গৌৰীপুৰ নগৰৰ ৫ নং ৱাৰ্ডৰ বিশ্বজিত বিশ্বাস নামৰ যুৱকজন ৫২ দিন পূৰ্বে  মুম্বাইলৈ কাম কৰিবলৈ গৈছিল। 

Advertisment

যুৱকজনে ঘৰলৈ আহি থকা বুলি পৰিয়ালৰ লোকক অৱগত কৰে যদিও যোৱা মঙ্গলবাৰত যুৱকজনে নিউ জলপাইগুৰি লৈ আহি পোৱা বুলি জনোৱাৰ পিছৰে পৰা পৰিয়ালৰ লোকৰ লগত তেওঁ‌ৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে। নিউ-জলপাইগুড়িৰ পৰা যুৱকজন নিৰুদ্দেশ হয় বুলি পৰিয়ালৰ লোকে ধাৰণা কৰিছে। 

আনহাতে পৰিয়ালৰ লোকৰ লগত কোনো ধৰণৰ যোগাযোগ নোহোৱাত হতাশাত ভুগিছে পৰিয়ালে। যুৱকজনৰ কোনো ধৰণৰ শুংসুত্ৰ নোপোৱা পৰিয়ালটোৰ মাজত শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে।

Assam police