ডিজিটেল সংবাদ,ধুবুৰী: কোচ ৰাজবংশী ফ'ক কালচাৰেল একাডেমীৰ উদ্যোগত আৰু সোণাৰায় পূজা আৰু পুষণা উৎসৱ উদযাপন সমিতিৰ সহযোগত ধুবুৰী জিলাৰ ঐতিহাসিক গৌৰীপুৰ চহৰৰ মহামায়া খেল পথাৰত অহা ১৪,১৫ আৰু ১৬ জানুৱাৰীত বিস্তৃত কাৰ্যসূচীৰে সোণাৰায় পূজা আৰু পুষণা উৎসৱ ২০২৫ আয়োজন কৰা হৈছে।
উৎসৱক লৈ ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। উক্ত অনুষ্ঠানত কোচ ৰাজবংশী জনগোষ্ঠীৰ লোক উৎসৱ সোণাৰায় পূজা আৰু পুষণা উৎসৱক বৃহৎ ৰূপত দাঙি ধৰাৰ উদ্দেশ্যেই এই কাৰ্যসূচী হাতত লোৱা হৈছে বুলি আজি অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি তপন কুমাৰ ৰায়ে জানিবলৈ দিয়ে।
ইপিনে গৌৰীপুৰ ৰাজ পৰিয়ালৰ সদস্য তথা উক্ত অনুষ্ঠানটোৰ অভ্যৰ্থনা সমিতিৰ সভাপতি প্ৰবীৰ কুমাৰ বৰুৱাই আজি কয় যে, গৌৰীপুৰ এখন সাংস্কৃতিক ঠাই। ৰজা দিনীয়া কালৰে পৰা গৌৰীপুৰত বিভিন্ন লোক-সংস্কৃতিৰ চৰ্চা হৈ আছে। কোচ ৰাজবংশী জনগোষ্ঠীটো হৈছে এটা প্ৰাচীন জনগোষ্ঠী। এই প্ৰাচীন জনগোষ্ঠীটোৰ সংস্কৃতি, খাদ্যাভাস, নৃত্য, কলা আদি ৰাইজৰ আগত তুলি ধৰাৰ অৰ্থেই এই অনুষ্ঠানটোৰ আয়োজন কৰাৰ বাবে প্ৰস্তুতি লোৱা হৈছে।
আনহাতে তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানটোত বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্যঅৰ্পণ কৰাৰ লগতে সাংস্কৃতিক শোভা যাত্ৰা, বাঁহ নৃত্য, চণ্ডী নৃত্য কে ধৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হ'ব বুলি জানিব পৰা গৈছে।