/asomiyapratidin/media/media_files/2026/01/17/1-2026-01-17-12-42-55.jpg)
ডিজিটেল ডেস্কঃ আজি শিল্পী দিৱস। অসমীয়া ভাষা, কলা-সংস্কৃতিৰ সাধক, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস। প্ৰতিবছৰে ১৭ জানুৱাৰীৰ দিনটোত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু দিনটোত শিল্পী দিৱস হিচাপে উদযাপন কৰা হয়। আজি তেওঁৰ ৭৫ সংখ্যক মৃত্যু বাৰ্ষিকীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠান-প্ৰতিষ্ঠানে বিভিন্ন কাৰ্যসূচীৰে সুন্দৰৰ পুজাৰীগৰাকীক সুঁৱৰিছে।
/asomiyapratidin/media/post_attachments/21540dbd-ebc.png)
উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানসমূহত শিল্পী দিৱসৰ বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আনহাতে, জাতীয় সংগঠনসমূহৰ উদ্যোগতো শিল্পী দিৱসৰ আয়োজন কৰা হৈছে।
/asomiyapratidin/media/post_attachments/29e1a13d-9da.png)
ইপিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ধুবুৰীৰ গৌৰীপুৰতো শিল্পী দিৱসত মহান শিল্পী ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালক স্মৰণ কৰিছে সকলোৱে। মহান শিল্পী গৰাকীক গৌৰীপুৰত স্মৰণ কৰাৰ লগতে আৱক্ষ মূৰ্তিত মাল্যাৰ্পণ আৰু চাকি-ধূপ জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিভিন্ন দল সংগঠনে।
/asomiyapratidin/media/post_attachments/8f893be9-c52.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us