গৌৰীপুৰ আৰক্ষীৰ নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযান

ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই দুজন ড্ৰাগছ সৰবৰাহীক আটক কৰে। গৌৰীপুৰৰ ডুমৰদহৰ ৩য় খণ্ডৰ ঠেংমেলাহাট এলেকাত আৰক্ষীয়ে বৃহস্পতিবাৰে বিয়লি অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰী দুজনক আটক কৰে।

author-image
Asomiya Pratidin
New Update
427

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই দুজন ড্ৰাগছ সৰবৰাহীক আটক কৰে। গৌৰীপুৰৰ ডুমৰদহৰ ৩য় খণ্ডৰ ঠেংমেলাহাট এলেকাত আৰক্ষীয়ে বৃহস্পতিবাৰে বিয়লি অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰী দুজনক আটক কৰে।

Advertisment

গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিৰঞ্জীৱ লাহনৰ নেতৃত্বত গৌৰীপুৰ আৰক্ষীৰ এটি দলে এক গোপন অভিযানৰ ভিত্তিত গৌৰীপুৰৰ ডুমৰদহৰ ৩য় খণ্ডৰ ঠেংমেলাহাট মহাজন আলী নামৰ এজন লোকৰ বাসগৃহত অভিযান চলায়। পিচত অভিযান চলাই হাতে লোটে আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী মহাজন আলী আৰু আনোৱাৰ হুছেইনক।

উক্ত অভিযানৰ ভিত্তিত বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰৰ লগতে  ৮ টাকৈ মোবাইল ফোন ,দুখন বাইক, দুটাকৈ সোণৰ খাৰু আৰু ৰূপৰ আ অলংকাৰ জব্দ কৰিবলৈ সক্ষম হয়। অভিযোগ মতে মহাজন আলী আৰু আনোৱাৰ হুছেইন দীৰ্ঘ দিন ধৰি অবৈধ ড্ৰাগছৰ বিক্ৰী কৰি থকাৰ অভিযোগ উঠিছে।

ড্ৰাগছ মাফিয়া মহাজন আলীৰ ঘৰ ডুমৰদহৰ ৩য় খণ্ড ঠেংমেলা আৰু  আনোৱাৰ হুছেইনৰ ঘৰ ধুবুৰী ছাগলচৰা আদাবাৰী বুলি জানিব পৰা গৈছে। বৰ্তমানে আৰক্ষীয়ে যুৱক দুজনক আটক কৰি থানালৈ আনি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

ধুবুৰী