/asomiyapratidin/media/media_files/2025/06/22/dczdsdasdasd-2025-06-22-20-37-47.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি বৈশ্যক ৰিজাৰ্ভ ক্ল'জ। জানিব পৰা মতে, বিয়া কৰোৱাৰ প্ৰলোভন দি আৰক্ষী বিষয়া জিতুমণি বৈশ্যই মহিলা এজনীৰে শাৰীৰিক সম্পৰ্ক গঢ়ি তুলিছিল। পিছে তেওঁক বিয়া নকৰাত মহিলাগৰাকীয়ে নলবাৰী জিলাৰ মকালমুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।
আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত বি এন এছ ৬৩ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে, আৰক্ষী বিষয়া গৰাকীৰ বহু আপত্তি জনক ফটো সামাজিক মাধ্যমত পোষ্ট কৰাক লৈ প্ৰথম অৱস্থাত মহিলা গৰাকীৰ বিৰুদ্ধে জিতুমনি বৈশ্যই এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে। পিছত মহিলাগৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আজি জিলা আৰক্ষী অধীক্ষকে জিতুমণি বৈশ্যক গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ পদৰ পৰা আঁতৰাই ৰিজাৰ্ভ ক্ল'জ কৰে। আইনৰ ৰক্ষক হোৱাৰ পিছতো মহিলাৰে অবৈধ সম্পৰ্ক কৰি বিভাগীয় শাস্তিৰ সম্মুখীন হোৱা ঘটনাই গৌৰীপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।