গৌৰীপুৰ আৰক্ষীৰ অভিযান : চুৰি হোৱা মটৰ চাইকেল উদ্ধাৰ

ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীয়ে মঙলবাৰে একগোপন তথ্যৰ ভিত্তিত অভিযান চলাই এখন চুৰি হোৱা মটৰ চাইকেল উদ্ধাৰ কৰাৰ লগতে দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে

author-image
Asomiya Pratidin
New Update
xzgx

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীয়ে মঙলবাৰে একগোপন তথ্যৰ ভিত্তিত অভিযান চলাই এখন চুৰি হোৱা মটৰ চাইকেল উদ্ধাৰ কৰাৰ লগতে দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। গৌৰীপুৰ আৰক্ষী থানাত এএছ ১৬ এফ ১২৩২ নম্বৰৰ হিৰ' চুপাৰ স্প্লেণ্ডাৰ মটৰ চাইকেল এখন চুৰি হোৱাৰ সন্দৰ্ভত এখন গোচৰ ৰুজু হৈ আছিল।

Advertisment

আৰক্ষীয়ে উক্ত গোচৰটোৰ অনুসন্ধান চলাই জিলাখনৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বগুলামাৰীৰ কৰিম সেখ(৩৪)আৰু গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত জহৰমুৰাৰ ছাদ্দাম হুছেইন নামৰ দুজনক গ্ৰেপ্তাৰ কৰি গৌৰীপুৰ আৰক্ষী থানালৈ লৈ আনে। আনহাতে গৌৰীপুৰ আৰক্ষীয়ে চলোৱা আন এটি অভিযানত আজি নথি পত্ৰবিহীন তিনিখন মটৰ চাইকেলো উদ্ধাৰ কৰি গৌৰীপুৰ আৰক্ষী থানালৈ লৈ আনে।

ইপিনে ধৃত মটৰ চাইকেল চোৰ দুজনক মঙলবাৰে গৌৰীপুৰ আৰক্ষীয়ে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

অসম আৰক্ষী আৰক্ষী