/asomiyapratidin/media/media_files/2025/07/22/xxcxcxcxcx-2025-07-22-13-34-45.jpg)
গৌৰীপুৰ আৰক্ষীৰ জালত এটা গভাইত চোৰ
ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিৰঞ্জীৱ লাহনৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গেৰামাৰী প্ৰথম খণ্ড এলেকাত অভিযান চলাই আটক কৰে এটা গভাইত চোৰক।
ধৃত চোৰটোক গেৰামাৰী প্ৰথম খণ্ডৰ মইনুল হকৰ পুত্ৰ ৰবিউল হক বুলি আৰক্ষীয়ে চিহ্নিত কৰিছে। আৰক্ষীয়ে চোৰটোৰ পৰা চুৰি কৰা সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। তাৰ ভিতৰত দুটাকৈ মটৰ পাম্প, চিলিংফেন, ষ্টেণ্ড ফেন,গেছ চিলিণ্ডাৰ, চাইকেলকে ধৰি অন্যান্য বহু চুৰি কৰা সামগ্ৰী আৰক্ষীৰ দলটোৱে উদ্ধাৰ কৰে। বৰ্তমান আৰক্ষীয়ে ধৃত চোৰটোক গৌৰীপুৰ আৰক্ষী থানাতে ৰাখি অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us